কণমানি যুথিকাৰ নৃত্যই মোহিত কৰিছে অসমৰ লগতে দিল্লী- কলিকতাৰ দৰ্শকক

শেহতীয়াকৈ অহা ২০২৬ বৰ্ষৰ ১৩ জানুৱাৰীত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত যোগদানৰ বাবে ফাইনেল ৰাউণ্ডলৈ নিৰ্বাচিত হৈছে যুথিকা ৷

author-image
Asomiya Pratidin
New Update
334

ডিজিটেল সংবাদ, গোলাঘাট : এগৰাকী ১০ বছৰীয়া কণমানি ছাত্ৰী ৷ অসমৰ বিভিন্ন মঞ্চৰ লগতে দিল্লী, কলকাতা আদিতো নৃত্য প্ৰদৰ্শন কৰি লাভ কৰিছে ৰাইজৰ মৰম আশীৰ্বাদ ৷

গোলাঘাট চহৰৰ ১৩ নং ৱাৰ্ডৰ বাসিন্দা ঝৰ্ণা শইকীয়া ভূঞাৰ ১০ বছৰীয়া কন্যা যুথিকা ভূঞাৰ নৃত্যই মোহিত কৰিছে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ দৰ্শকক ৷ ৩ বছৰ বয়সৰ পৰাই গোলাঘাটৰ লগতে অসমৰ বিভিন্ন মঞ্চত নৃত্য পৰিবেশনেৰে খলকনি তুলিছে যুথিকাই  ৷

ইয়াৰোপৰি দিল্লী, কলকাতা আদিতো বিভিন্ন প্ৰতিযোগিতাত নৃত্য প্ৰদৰ্শন কৰি বিজয়ী হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷ শেহতীয়াকৈ অহা ২০২৬ বৰ্ষৰ ১৩ জানুৱাৰীত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত যোগদানৰ বাবে ফাইনেল ৰাউণ্ডলৈ নিৰ্বাচিত হৈছে যুথিকা ৷

কিন্ত এই খিনিতে সৃষ্টি হৈছে এক সমস্যা ৷ মহাৰাষ্ট্ৰৰ এই কায্যসূচীত অংশগ্ৰহণৰ বাবে যথেষ্টখিনি ধনৰ আৱশ্যক ৷ সেয়েহে সন্তানক আগুৱাই নিবৰ বাবে ৰাইজলৈ আৰ্থিক সাহায্যৰ আহ্বান কৰিছে মাতৃ ঝৰ্ণা শইকীয়া ভূঞাই ৷ সদাশয় ৰাইজে 9678219443 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। 

golaghat