/asomiyapratidin/media/media_files/2026/02/04/52-2026-02-04-22-47-46.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : ইতিহাসপ্রসিদ্ধ নগাঁও জিলাৰ জুৰীয়াৰ বাৰগঞা ৰাইজৰ উমৈহতীয়া অনুষ্ঠান শ্ৰীশ্ৰী শংকৰদেৱ মন্দিৰত বুধবাৰে এক আধ্যাত্মিক পৰিবেশৰ মাজত মন্দিৰৰ নৱনির্মিত বাটচ'ৰাটি শুভ উন্মোচন কৰা হয়। এই বিশেষ অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই সম্পূৰ্ণ পৰম্পৰাগত সত্ৰীয়া সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এক মহামিলনৰ তীৰ্থত পৰিণত হোৱাৰ লগতে শ্ৰীশ্ৰী শংকৰ মন্দিৰৰ প্ৰাংগণত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।
উল্লেখ্য যে, মহাভাৰতৰ কৃষ্ণ-অৰ্জুনৰ ৰথৰ আৰ্হিত এজন দক্ষ ভাস্কর্য শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা সুদৃশ্য বাটচ'ৰাটি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উন্মোচন কৰে। আয়ুক্তগৰাকীয়ে অসমীয়া সংস্কৃতি আৰু শিপাৰ সৈতে জড়িত হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, উৎসৱ-পাৰ্বণৰ জৰিয়তে হ'লেও আমি আমাৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অসমীয়া সংস্কৃতি জীয়াই ৰাখিব লাগিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-20-2026-02-04-22-48-11.jpeg)
আমাৰ পৰম্পৰা ধৰি ৰাখি শিপা শক্তিশালী কৰাত প্রত্যেকেই গুৰুত্ব দিব লাগিব। জুৰীয়াৰ এই শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ কেৱল এটা ধর্মীয় উপাসনাস্থলীয়েই নহয়, বৰঞ্চ ই জুৰীয়া অঞ্চলৰ বাৰগঞা ৰাইজৰ ঐক্য আৰু সমন্বয়ৰ এক কেন্দ্রবিন্দু।
উল্লেখযোগ্য যে অসমীয়া কথাছবি জগতত এন্টনী মোৰ নাম, শকুন্তলা শংকৰ আৰু যোছেফ আলী আদিকে ধৰি পাঁচখনকৈ ছবি নির্মাণেৰে সংস্কৃতি জগতখন চহকী কৰি থৈ যোৱা জুৰীয়াৰ সমাজকর্মী প্রয়াত মহীকান্ত শইকীয়া আৰু প্ৰয়াত ধর্মকান্ত শইকীয়াৰ পৰিয়ালৰ হৈ দিব্যজ্যোতি শইকীয়াই আগবঢ়োৱা ৮ লক্ষাধিক টকা ব্যয়েৰে তোৰণখন নিৰ্মাণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-2026-02-04-22-48-24.jpeg)
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চলচ্চিত্ৰ প্ৰযোজক মহীকান্ত শইকীয়াৰ কনিষ্ঠা কন্যা দিব্যজোতি শইকীয়াৰ কৰ্মৰাজীক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানটোত বিশিষ্ট চিকিৎসক তথা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডা কৃষ্ণ কুমাৰ বৰা, জোৎস্না শইকীয়া, মিনতি শইকীয়া, দিপ্তী শইকীয়া, দিগন্ত কুমাৰ বৰা, হেমন্ত কুমাৰ বৰা, পদুম বৰা, ৰত্না বৰা,জগত শইকীয়া, ভবেন শইকীয়া,মৃনাল শইকীয়া, অংকুৰ বৰা , উৎপল জোতি শইকীয়া, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰভাত কলিতাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ পাচ শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us