/asomiyapratidin/media/media_files/2026/02/08/juria-2026-02-08-21-05-56.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত যুৱক-যুৱতীৰ ভূমিকা(The role of youth in preserving cultural tradition) শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি পৰে।
শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ আঁত ধৰে জুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক হাজী মঃ বদৰুল হকে। সভাখনত মূখ্য অতিথি হিচাপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱে অধ্যয়ন কেন্দ্ৰ আৰু পৰিবেশ্য কলাৰ মূৰব্বী অধ্যাপক ড° নিৰঞ্জন কলিতা উপস্থিত থাকি মূল ভাষণ প্ৰদান কৰে৷
জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাচমত আলীয়ে বন্তি প্ৰজলন কৰা কাৰ্য্যসূচীত, ড° ভূপেন হাজৰিকা আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ এই আলোচনা সত্ৰখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হাতীচোং মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লুইত হাজৰিকাই মূল্যবান বক্তব্য প্ৰদান কৰে৷
অনুষ্ঠানত সমল ব্যক্তি হিচাপে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী ড° চন্দ্ৰ কমল চেতিয়া, হাতেচোং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ নেকিবুৰ ৰহমান, শ্ৰী শ্ৰী শংকৰদেৱে মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° আশিক ইলাহী, জুৰীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° মোজাহিদুল আহমেদৰ লগতে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰছাত্ৰী সকলে অংশগ্ৰহণ কৰি আলোচনাসত্ৰটি সাফল্যমণ্ডিত কৰি তোলে।
ইফালে, দেওবাৰে অনুষ্ঠিত অনলাইন আলোচনাত সঞ্চালকৰ আসন গ্ৰহণ কৰে ড০ বিজয় কুমাৰ নাথে আৰু সমল ব্যক্তি ৰূপে বক্তব্য দাঙি ধৰে ড০ আশিক ইলাহী আৰু ড০ অজিত দেৱনাথে। দ্বিতীয় সত্ৰত সঞ্চালকৰ আসন গ্ৰহণ কৰে ড০ মুজাহিদুল আহমেদে আৰু সমল ব্যক্তি ৰূপে বক্তব্য দাঙি ধৰে ড০ ত্ৰিদিৱ কুমাৰ গোস্বামী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us