/asomiyapratidin/media/media_files/2025/09/04/new-ap-web-1-20-2025-09-04-12-16-52.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম বৃহৎ বেংকিং সংস্থা জেপি মৰ্গান চেজ এণ্ড কোম্পানীয়ে ভাৰতত নিজৰ কৰ্পোৰেট বেংকিং ব্যৱসায় বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত বিদেশী বিনিয়োগ আৰু উদ্যোগৰ গতি বৃদ্ধি হোৱাৰ ফলত এই পদক্ষেপ লোৱা বুলি বেংকৰ সূত্ৰই সদৰী কৰিছে।
শেহতীয়াকৈ মুম্বাইত দিয়া এক সাক্ষাৎকাৰত আমেৰিকাৰ বেংকটোৰ এছিয়া পেচিফিক গ্ল’বেল কৰ্পৰেট বেংকিঙৰ সহ-মূৰব্বী অলিভাৰ ব্ৰিংকমেনে কয় যে, চাহিদাৰ নিশ্চয়তা উন্নত হোৱাৰ লগে লগে "CapEx" বিনিয়োগ আৰম্ভ হ’ব।
জেপি মৰ্গানৰ ভাৰতীয় শাখাই জানিবলৈ দিছে যে, কৰ্পৰেট বেংকিঙৰ পৰা ৰাজহৰ ক্ষেত্ৰত ভাৰত আৰু জাপানক এছিয়াৰ দুখন দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ হিচাপে গণ্য কৰা জে পি মৰ্গানে ৱাশ্বিংটনে। উন্নত মূলধন সেৱা, বাণিজ্যিক ঋণ সুবিধা, বিনিয়োগ পৰামৰ্শ আৰু বৈদেশিক মুদ্ৰা ব্যৱস্থাপনাৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহনৰ লগতে গ্ৰাহক সংখ্যা বৃদ্ধি কৰিবলৈ এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
বিশ্লেষকৰ মতে, ভাৰতৰ দ্ৰুত বিকাশমান অৰ্থনীতি, বৃহৎ উদ্যোগপতি ক্ষেত্ৰ আৰু বিদেশী কোম্পানীৰ বিনিয়োগ আকর্ষণৰ ফলতে জেপি মৰ্গানৰ এই বিনিয়োগ-প্ৰস্তুতি অৰ্থনৈতিকভাৱে দেশৰ বাবে লাভজনক হব।
বৰ্তমানত ভাৰত জেপি মৰ্গানৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ বজাৰ হৈ পৰিছে। আমেৰিকা, ইউৰোপ আৰু এচিয়াৰ অন্যান্য দেশত ইতিমধ্যে দৃঢ় স্থান গ্ৰহণ কৰা বেংকিং সংস্থাটোৱে ভাৰতত নিজৰ উপস্থিতি আৰু সঘন কৰিব বুলি আশা প্ৰকাশ কৰিছে।