বিহাৰত এন ডি এৰ জয়জয়কাৰ : জামুগুৰিহাটত আনন্দ-উল্লাস

বিহাৰৰ সাধাৰণ নিৰ্বাচনত এন ডি এয়ে অভূতপূৰ্ব জয় লাভ কৰাত দেশৰ চুকে-কোণে বিজেপিৰ সদস্যসকলে বিজয় উল্লাস উদযাপন কৰি থকাৰ সমান্তৰালকৈ নদুৱাৰ সমষ্টিতো বিজয় উল্লাস কৰা পৰিলক্ষিত হয়

author-image
Asomiya Pratidin
New Update
224

ডিজিটেল সংবাদ, জামুগুৰিহাট : বিহাৰৰ সাধাৰণ নিৰ্বাচনত এন ডি এয়ে অভূতপূৰ্ব জয় লাভ কৰাত দেশৰ চুকে-কোণে বিজেপিৰ সদস্যসকলে বিজয় উল্লাস উদযাপন কৰি থকাৰ সমান্তৰালকৈ নদুৱাৰ সমষ্টিতো বিজয় উল্লাস কৰা পৰিলক্ষিত হয় ৷ নদুৱাৰ সমষ্টি বিজেপিৰ কাৰ্যালয়ত সমষ্টিটোৰ সকলো দলীয় কাৰ্যকৰ্তা উপস্থিত হৈ ফটকা ফুটাই নাচি বাগি আনন্দ-উল্লাস কৰে৷ 

এই আনন্দ উল্লাসত অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই কয়- আগন্তুক নিৰ্বাচনত বিহাৰৰ দৰে অসমতো কংগ্ৰেছৰ পুলিয়ে পোখালীয়ে উভালি পেলোৱাতো নিশ্চিত ৷ অসমত কংগ্ৰেছৰ বেলি আৰু কেতিয়াও উদয় নহয় ৷

এতিয়া অস্তিত্ব জাহিৰ কৰিবলৈহে কংগ্ৰেছে সভাসমিতি কৰি ফুৰিছে ৷ অসমৰ ৰাইজে কংগ্ৰেছক কেতিয়াবাই বাই বাই দিলে বুলি মন্তব্য কৰাৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো তুলাধুনা দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷

জামুগুৰিহাট