বজালী জিলা ন-পুৰণি যুৱ সাংবাদিক সন্থাৰ সভা সম্পন্ন

বজালী জিলা ন-পুৰণি যুৱ সাংবাদিক সন্থাৰ সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
বজালী জিলা ন-পুৰণি যুৱ সাংবাদিক সন্থাৰ সভা সম্পন্ন

ডিজিটেল সংবাদ,বজালীঃ "গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সমাজত সাংবাদিকৰ স্থান ঊৰ্ধ্বত। সেয়েহে তেওঁলোকে সত্যনিষ্ঠ হ'ব লাগিব,ব্যক্তিগত স্বাৰ্থক প্ৰাধান্য দিলে নহ'ব"- মঙলবাৰে বজালীত এই মন্তব্য কৰে বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কৰুণা মোহন শৰ্মাই। আজি বজালী জিলাৰ ন-পুৰণি যুৱ সাংবাদিক সন্থাৰ মুকলি আৰু সম্বৰ্ধনা সভাখন পাঠশালাৰ হোটেল ময়ূৰৰ সভাকক্ষত দিনৰ ১১ বজাত অনুষ্ঠিত হয়।

Advertisment

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মৃদুল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ ৰাখে সাংবাদিক মৃন্ময় পাঠকে। সভাত অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা তথা বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে তেওঁৰ ভাষণত কয়- এখন সমাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত সাংবাদিকসকলৰ বিশেষ দায়িত্ব থাকে।সাংবাদিকসকলে নিঃস্বাৰ্থভাৱে সমাজৰ সেৱা কৰিব লাগে, স্বাৰ্থসিদ্ধি কৰাৰ বাবে সাংবাদিকতা কৰিব নালাগে।

সভাত অতিথি হিচাপে উপস্থিত থাকে বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাস, অসম উন্নতি সভাৰ সম্পাদক সমুদ্ৰ পাটগিৰি, অধিবক্তা তথা বজালী জিলা উকিল সন্থাৰ সভাপতি গোপাল তালুকদাৰ, পাঠশালা ৰঙালী বিহু স্থায়ী সমিতিৰ সভাপতি স্বপন তালুকদাৰ, পাঠশালা বজাৰ সমিতিৰ সম্পাদক জীতেন তালুকদাৰ।

অজিৰ গোটেই অনুষ্ঠানটো আঁত ধৰে উদীয়মান লেখক-সাংবাদিক সঞ্জীৱ সাগৰ দাসে। ইয়াৰ পাছতেই অনুষ্ঠিত হয় বিষয় বাছনি সভা। বিষয় বাছনি সভাত বজালী জিলা যুৱ সাংবাদিক সন্থাৰ নতুনকৈ সমিতিখন গঠন কৰা হয়।

সমিতিৰ সভাপতি হিচাপে বজালী মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক ড° কৰুণা মোহণ শৰ্মা, কাৰ্যকৰী সভাপতি হিচাপে ডিম্পল তালুকদাৰ, মুখ্য সম্পাদক হিচাপে মৃন্ময় পাঠক,সহ সম্পাদক হিচাপে হিল্লোল দ্বীপ ডেকা,সাংগঠনিক সম্পাদক হিচাপে মৃন্ময় ৰয়,বিত্ত সম্পাদক হিচাপে ধৰ্মেন্দ্ৰ দাস,সাংস্কৃতিক সম্পাদক হিচাপে অক্ষেন্দ্ৰ তালুকদাৰ,কাৰ্যকৰী সদস্য হিচাপে সুদ্দিপ্ত বৈশ্য আৰু বিশ্বজিৎ ৰয়ক লৈ এখন ত্ৰিশজনীয়া পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয়।

Also Read: ফিফাই ধোনিৰ সৈতে তুলনা কৰিলে ৰনাল্ডোক...

Bajali journalist Bajali district