নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামৰ....

কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি দিয়া সংগীত পৰিচালক, গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে।

author-image
Asomiya Pratidin
New Update
nilotpal bora 29

ডিজিটেল ডেস্কঃ কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি দিয়া সংগীত পৰিচালক, গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে। অভিযোগ অনুসৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ বৰঝাৰ বিমান বন্দৰৰ পৰা আহি কাহিলাপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে নিলোৎপল বৰাই কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি মুকলিকৈ ভাবুকি দিছিল। 

এই ঘটনাক আজি কঠোৰ ভাষাৰে গৰিহণা জনাইছে জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে। তাৰোপৰি অভিযোগ কৰিছে নিলোৎপল বৰাৰ এনে আচৰণৰ প্ৰভাৱতেই হয়তো একাংশই কৰ্বত্যৰত সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁলোককক প্ৰহাৰ কৰাৰ লগতে কেমেৰা পৰ্যন্ত ভাঙি পেলাইছিল।

নিলোৎপল বৰাৰ এনে আচৰণৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰাৰ দাবী সাংবাদিক সংগঠনটোৰ। তাৰোপৰি সাংবাদিক সংগঠনটোৱে গৃহ মন্ত্ৰীৰ দায়িত্বতো থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ডিজিপি হৰমীত সিঙক কৰ্তব্যৰত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে। জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাকো এই ঘটনাৰ তদন্ত নিশ্চিত কৰিবলৈ দাবী জনাইছে। 

ইফালে নিলোৎপল বৰাই আজি সাংবাদিকৰ সৈতে মুখামুখি হৈ উক্ত ঘটনাৰ বাবে নিজৰ ভুল আৰু দোষ স্বীকাৰ কৰাৰ পৰিবৰ্তে অহং ভাৱেৰে তেওঁৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰক বুলিহে মন্তব্য কৰে। সাংবাদিকৰ প্ৰশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰা নিলোৎপল বৰাই চালে-বেৰে কোবাই বিভিন্ন মন্তব্য কৰে। 

অৱশ্যে পাছত তেওঁ ফেচবুকত এই বিষয়ে মন্তব্য কৰে। তেওঁ ফেচবুকত এই সন্দৰ্ভত লিখে দুই, তিনিজন সাংবাদিকে ডিজিপিৰ নিৰ্দেশ নুশুনাৰ বাবেহে তেওঁলোকৰ কেমেৰা ভাঙি দিম বুলি কবলৈ বাধ্য হৈছিল। 

ফেচবুকত কি লিখিছে নিলোৎপল বৰাই? 

''এইটো জুবিনদা বিমানবন্দৰৰ পৰা নিজ গৃহ আহি পোৱাৰ দিনাৰ ভিডিঅ’ , আজিৰ নহয় । সেইদিনা DGP ছাৰে হাতযোৰ কৰি মেডিয়া খিনি এতিয়া ওলাই দিয়ক, এঘণ্টা সময় আপোনালোকক দিয়া হ’ল , এতিয়া ওলাই দিয়ক আৰু ৰাইজক চাবলৈ দিয়ক বুলি কোৱাৰ পিছতো দুই তিনিজন কেমেৰা পাৰ্চনে তেওঁৰ কথা নুশুনাৰ ভাও ধৰি আঁতৰি দিয়া নাছিল ।যাৰ ফলত পিছফালে থকা মহিলাসকলে ঠেলা-হেঁচাত উশাহ পোৱা নাই বুলি চিয়ৰিছিল , দুই তিনিজন কেমেৰা-পাৰ্চনে তথাপিওঁ ওলাই নিদিয়ে , বাকীখিনি ওলাই দিছিল ।সেই দুই তিনিজনক ভালকৈ আমি কৈ কৈ এটা সময়ত কেমেৰা ভাঙি দিম যদি ওলাই নিদিয় বুলি ক’বলৈ বাধ্য, ক’ব চাগে নালাগিছিল, কিন্তু খঙত ওলাই গ’ল । এতিয়া কথাটো হ’ল , দুই তিনিজন অভদ্ৰ কেমেৰামেনৰ অভদ্ৰ আচৰণক বাকী সাংবাদিকসকলে support দি এটা নতুন issue create কৰা উচিত নে জুবিনদাৰ ন্যায়ৰ বাবে আমি সকলোৱে একেলগ হৈ যুজ দিয়া উচিত ?'' (অসম্পাদিত)

অসম আৰক্ষী দিছপুৰ