/asomiyapratidin/media/media_files/2025/10/15/yhhhh-2025-10-15-15-56-31.jpg)
ডিজিটেল ডেস্কঃ বাক্সাত জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ ৫ অভিযুক্তক লৈ আৰক্ষীৰ বাহন উপস্থিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জনতাই আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰিছে। সহস্ৰাধিক ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ পাছতে পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে।
ৰাইজে কৰা শিলাবৰ্ষণ বহুকেইগৰাকী সাংবাদিক গুৰুতৰভাৱে আহত হৈছে। প্ৰতিদিন টাইমৰ সাংবাদিক নকুল তালুকদাৰ এই শিলাবৰ্ষণত গুৰুতৰভাৱে আহত হৈছে। খবৰ আহিছে যে, গুৱাহাটীৰ পৰা যোৱা বহুকেইগৰাকী সাংবাদিক আহত হৈ বৰ্তমান ভৰ্তি হৈ আছে চিকিতসালয়ত।
ইফালে কাৰাগাৰৰ কাষৰীয়া অঞ্চলত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ, লাঠীচালনাৰ লগতে শূণ্যলৈ গুলীচালনাও কৰিছে। ইফালে এনে পৰিস্থিতিৰ মাজতো সাংবাদিকসকলে পালন কৰি আছে কৰ্তব্য। সচেতন মহলে উত্তেজিত জনতাক সংযম ৰাখিবলৈ আহ্বান জনাইছে।