১০ অক্টোবৰত মুক্তি নিদিয়ে 'যৌৱনে আমনি কৰে ২': কিয় এই সিদ্ধান্ত...

লক্ষ্মী নাৰায়ণ ফিল্মছে জনাইছে ১০ অক্টোবৰত মুক্তি পাবলগীয়া চিনেমাখনৰ মুক্তি সাময়িকভাৱে স্থগিত ৰখা হৈছে। চিনেমাখন কেতিয়া মুক্তি দিব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (28)

ডিজিটেল ডেস্কঃ লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত 'যৌৱনে আমনি কৰে ২'ৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে লক্ষ্মী নাৰায়ণ ফিল্মছে জনোৱা অনুসৰি ১০ অক্টোবৰত মুক্তি পাবলগীয়া চিনেমাখনৰ মুক্তি সাময়িকভাৱে স্থগিত ৰখা হৈছে। অৱশ্যে চিনেমাখন কেতিয়া মুক্তি দিব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই। 

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষ্মী নাৰায়ণ ফিল্মছ। এখন জাননীত তেওঁলোকে এই সন্দৰ্ভত লিখিছে এইদৰে- প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গভীৰভাৱে শোকাহত। তেওঁৰ সংগীত আৰু অৱদান সদায় আমাৰ হৃদয়ত  অম্লান হৈ থাকিবষ তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আৰু বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি, অহা ১০ অক্টোবৰ ২০২৫ ত মুক্তি পাব লগা আমাৰ নতুন অসমীয়া চলচ্চিত্ৰ 'যৌৱনে আমনি কৰে ২'ৰ মুক্তি সাময়িকভাৱে স্থগিত কৰা হৈছে। 

চলচ্চিত্ৰখনৰ নতুন মুক্তিৰ তাৰিখ পৰৱৰ্তী সময়ত জনোৱা হ'ব। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনাইছো।সংগীত জগতলৈ তেওঁৰ অৱদান অপৰিসীম, তেওঁৰ সুৰৰ ধ্বনি সদায় আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব। 

অসমীয়া চিনেমা