শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজঃ অসমৰ সাধাৰণ সভা

অসমৰ চাৰি সংহতিৰ অন্যতম কাল সংহতিৰ সত্ৰসমূহ তথা ইয়াৰ অন্তৰ্গত ৰাইজৰ উমৈহতীয়া সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজ, অসমৰ এখন সাধাৰণ সভা যোৰহাটৰ কেন্দুগুড়িত সোমবাৰে অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
SABHAAA12

ডিজিটেল সংবাদ, যোৰহাটঃ অসমৰ চাৰি সংহতিৰ অন্যতম কাল সংহতিৰ সত্ৰসমূহ তথা ইয়াৰ অন্তৰ্গত ৰাইজৰ উমৈহতীয়া সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজ, অসমৰ এখন সাধাৰণ সভা যোৰহাটৰ কেন্দুগুড়িত সোমবাৰে অনুষ্ঠিত হয়। আগন্তুক তিনি বছৰীয়া কাৰ্যকালৰ বাবে বিশিষ্ট সমাজ সংগঠক তথা শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীক সভাপতি, বিশিষ্ট সমাজকৰ্মী তথা শ্ৰীশ্ৰী গোপাল আতা সত্ৰ, পুৰণি ভৱানীপুৰৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনক কাৰ্য্যকৰী সভাপতি আৰু শ্ৰীশ্ৰী আমতলা গজলা সত্ৰৰ দিগন্ত প্ৰকাশ মহন্তক প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। 

এই সংহতিৰ অন্তৰ্গত বিভিন্ন সত্ৰ তথা সমাজৰ প্ৰতিনিধিত্ব কৰা বিশিষ্ট ব্যক্তিসকলক লৈ আগন্তুক কাৰ্য্যকালৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হয়। অসমৰ সেৱক সমাজ, অসমৰ যোৰহাট জিলা সমিতিৰ আতিথ্যত কেন্দুগুড়ি কৃষ্টি কলা কেন্দ্ৰত অনুষ্ঠিত হোৱা দিনজোৰা কাৰ্য্যসূচী পুৱা ৯.৩০ বজাত সেৱক সমাজৰ ধ্বজা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয়। 

ধ্বজা উত্তোলন কৰে কাৰ্য্যকৰী সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মন দেৱে। জিলা সমিতিৰ তৰফৰ পৰাও এখনি ধ্বজা উত্তোলন কৰে জিলা সভাপতি তনুজ গোস্বামী দেৱে। ইয়াৰ পিছতেই যিসকল মহান ব্যক্তিয়ে ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰলৈ বিশিষ্ট সেৱা আগবঢ়াই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আতৰি গ'ল সেই পূণ্যাত্মা সৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। 

ইয়াৰ মাজতে অনুষ্ঠানৰ সৰ্বতোপ্ৰকাৰ মঙ্গল কামনাৰে স্থানীয় কেন্দুগুড়ি বুঢ়া নামঘৰত এভাগী শৰাই আগবঢ়াই নাম-প্ৰসঙ্গ কৰা হয়। ১১ বজাৰ পৰা সেৱক সমাজ, অসমৰ এখনি কেন্দ্ৰীয় কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয় আৰু দূপৰীয়া ১১ বজাৰ পৰা কাৰ্য্যকৰী সমিতিৰ সদস্য, বিভিন্ন জিলা সমিতিৰ প্ৰতিনিধিবৰ্গ, হিতৈষী সদস্য,  আজীৱন সদস্য আৰু ৰাইজৰ উপস্থিতিত সাধাৰণ সভা অনুষ্ঠিত হয়। 

সভাত সভাপতিত্ব কৰে ভৱ গোস্বামীদেৱে আৰু সভাখনিৰ আঁত ধৰে প্ৰধান সম্পাদক মনু বৰুৱা দেৱে। সভাত কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাপতি ভৱ গোস্বামী দেৱে আনুষ্ঠানিক ভাৱে পদত্যাগ কৰি চলিত কাৰ্য্যনিৰ্বাহক সমিতিখন ভংগ কৰে। ইয়াৰ পাছতেই আগন্তুক ২০২৬-২৯ কাৰ্য্য বৰ্ষৰ বাবে সৰ্বসন্মতিক্ৰমে এখন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয়। শেষত যোৰহাট জিলা সমিতিৰ সম্পাদক বিৰিঞ্চি কুমাৰ বৰুৱা দেৱে শলাগৰ শৰাই আগবঢ়ায়।

যোৰহাট