/asomiyapratidin/media/media_files/2025/09/22/397-2025-09-22-12-04-49.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীত শান্তিপূৰ্ণভাৱেই জুবিন গাৰ্গক গুণমুগ্ধসকলে সৰুসজাইত শেষ শ্ৰদ্ধা জনাইছে। প্ৰথম দিনা মৃত্যুৰ খবৰ অহাৰ পাছত গুৱাহাটীতো পৰিস্থিতি কিছু উত্তেজনাময় হৈছিল যদিও গৰিমা গাৰ্গৰ উদ্যোগ আৰু প্ৰশাসনৰ চোকাদৃষ্টিত সেয়া স্বাভাৱিক হৈ পৰিছিল।
পিছে, যোৰহাটত এতিয়াও পৰিস্থিতি উত্তেজনাময় হৈয়ে আছে। জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া যোৰহাটত অনুষ্ঠিত কৰাৰ দাবীত একাংশ জুবিন অনুৰাগীয়ে পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। জানিব পৰা মতে যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখাৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ আছে।
তম্বু তৰি জুবিন গাৰ্গক যোৰহাটত শেষকৃত্য সম্পন্ন কৰাৰ দাবীৰে কেইজনমান মুষ্টিমেয় লোকৰ উদ্যোগত যি পৰিৱেশৰ সৃষ্টি কৰা হৈছে তাক লৈ নাৰাজ যোৰহাটৰ সচেতন ৰাইজ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি প্ৰথমে স্থানীয় প’ৰ্টেলৰ এজন সাংবাদিকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ধন সংগ্ৰহত নামি পৰিছিল।
অভিযোগ মতে এই সাংবাদিকজনে অনুৰাগীসকলক গুৱাহাটীলৈ পঠোৱাৰ নামত লক্ষাধিক টকা সংগ্ৰহ কৰিছিল। তাৰ পাছত জনৈক দাস নামৰ এজন লোকক অনুৰোধ কৰি কিছু অনুৰাগীক এখন বাছেৰে যোৰহাটৰ পৰা গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল এই সাংবাদিকজনে।
যোৰহাটত জুবিনৰ ঘৰ বুলি প্ৰচাৰ চলাই এটা চক্ৰই যোৰহাটতে জুবিনৰ শেষকৃত্য হ’ব লাগিব বুলি জনমত গঠনৰ চেষ্টাত হাত উজান দিছিল আন এটা সংবাদ মাধ্যমৰ সাংবাদিকেও। তাৰ মাজতে যোৰহাটৰ কিছু দল- সংগঠনে বিনম্ৰভাৱে সেয়া কৰিব পাৰি নেকি বুলি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছিল।
প্ৰথমাৱস্থাত চৰকাৰেও যোৰহাটতে জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া কৰাৰ কথা চিন্তা- চৰ্চা কৰি যোৰহাট জিলা প্ৰশাসনক তেনে স্থানৰ সন্ধান কৰিবলৈ দিশপুৰৰ পৰা নিৰ্দেশো পঠিওৱা হৈছিল। সেই অনুসৰি হিতেন গোস্বামীকে ধৰি যোৰহাট জিলা আয়ুক্তগৰাকীয়ে কেইবাটাও স্থান পৰিদৰ্শন কৰিছিল।
তাৰ মাজতে যোৰহাটৰ স্থানীয় সাংসদ গৌৰৱ গগৈয়ে জুবিনৰ পত্নী আৰু পৰিয়ালৰ ইচ্ছাক সন্মান প্ৰদৰ্শন কৰি গুৱাহাটী তথা তাৰ আশে- পাশে জুবিনৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আহ্বান জনাইছিল। অনুৰূপ আহ্বান জনাইছিল সদৌ অসম ছাত্ৰ সন্থাই।
জুবিনৰ সমাধিক লৈ ভিতৰি ভিতৰি চলি আছিল ৰাজনীতি। সাধাৰণ দৃষ্টিত সেই কথা কোনেও ধৰিব পৰা নাছিল যদিও সেই সুযোগ গ্ৰহণ কৰি জুবিনৰ একাংশ অনুৰাগীয়ে কিছু লোকৰ উচতনিত যোৰহাটৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে।
অনুৰাগীসকলক সৈমান কৰাবলৈ মাজনিশা যোৰহাটৰ আয়ুক্তগৰাকীয়ে নিজেই প্ৰতিবাদস্থলীলৈ গৈ বুজনি দিয়াৰ চেষ্টা চলাইছিল যদিও তেওঁলোক সৈমান নহৈ এই প্ৰতিবাদ অৱ্যাহত ৰাখে। উদণ্ড একাংশ প্ৰতিবাদকাৰীয়ে দোকান- পোহাৰ বন্ধ কৰাকে ধৰি পাচলি বেপাৰীৰ শাক- পাচলি দলিয়াই জুবিন গাৰ্গৰ নামত উদ্ভণ্ডালি কৰে।
এই উদণ্ড লোকসকলে বাতৰি কাকতৰ প্ৰতিষ্ঠান বন্ধ কৰা নহয়, কাকতৰ টোপোলাও দলিয়াই দিয়ে। আনকি সেই পথেৰে চলা এম্বুলেঞ্চৰ চলাচলতো বাধা দিয়ে তেওঁলোকে। শেহতীয়াকৈ যোৰহাটৰ এজন সাংবাদিকে এই উদণ্ড সমৰ্থকসকল লৈ এই প্ৰতিবাদ অৱ্যাহত ৰখা বুলি জানিব পৰা গৈছে।
সাংবাদিকগৰাকীয়ে প্ৰতিবাদকাৰীসকলক তিনি- চাৰি ঘণ্টা ভাষণ দি উত্তেজিত কৰি তোলাৰ লগতে সামাজিক মাধ্যমযোগে অসম বন্ধৰ আহ্বান দিয়াৰ সম্পৰ্কেও বহু খবৰ বিয়পি পৰে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ জটিল পৰিস্থিতি দেখি কোনো অসম বন্ধ আহ্বান কৰা নাই বুলি সদৰী কৰে।
যোৰহাটৰ সচেতন লোকসকলে জিলা প্ৰশাসন তথা আৰক্ষীয়ে এই পৰিস্থিতি চম্ভলাত বিফল হোৱা বুলি অভিযোগ তুলিছে। যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে হাজাৰ- হাজাৰ যান- বাহন আৱদ্ধ হৈ আছে এতিয়া। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে তাত আৱদ্ধ হৈ থকা লোকসকলৰ লগতে স্থানীয় লোকসকলেও দোকান- পোহাৰ বন্ধ হৈ পৰাত যথেষ্ট সংকটত পৰিছে।