জুবিন গাৰ্গৰ আদৰ্শৰে এজন অচিনাক্ত ব্যক্তিৰ সৎকাৰ কৰিলে 'পথিকে'...

‘পথিক’ৰ প্ৰকল্প ‘মুক্তিপথ’ৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী চকীৰ সহযোগত এগৰাকী অচিনাক্ত ব্যক্তিক যোৰহাট তৰাজান শ্মশানত একে সময়তে সৎকাৰ কৰা হয়৷ 

author-image
Asomiya Pratidin
New Update
new ap web  6 (1)

ডিজিটেল সংবাদ, যোৰহাটঃ সমগ্ৰ অসম আজি জুবিন গাৰ্গৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ বেদনাত দগ্ধ ৷ সেই একে সময়তে অন্যতম বেচৰকাৰী তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ৰ প্ৰকল্প ‘মুক্তিপথ’ৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী চকীৰ সহযোগত এগৰাকী অচিনাক্ত ব্যক্তিক যোৰহাট তৰাজান শ্মশানত একে সময়তে সৎকাৰ কৰা হয়৷ 

জুবিনে যেনেকৈ কৈছিল - তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো ভগৱান নাই, তেওঁ মুক্ত....
ঠিক তেনে ভাৱনাৰেই পথিকৰ এই মুক্তিপথৰ কৰ্ম আৰু কাৰ্যসূচী ৷ প্ৰশাসনৰ অনুমতিৰ সাপেক্ষে অচিনাক্ত ব্যক্তি জনক আজি সকলো নিয়ম-নীতিৰে পথিকৰ যোৰহাটৰ  সমন্বয়ক সঞ্জীৱ শইকীয়া, সমাজকৰ্মী সাংবাদিক বসন্ত দত্ত, আৰক্ষী উপ পৰিদৰ্শক কৈলাস শইকীয়া, নৰেন ফুকন, দীপক কলিতা আৰু শ্মশানৰ কৰ্মকৰ্তা সকলৰ সহযোগেৰে অন্তিম সৎকাৰ কৰা হয়৷ 

উল্লেযোগ্য যে, এই ব্যক্তিজন বিগত ১৭ ছেপ্তেম্বৰৰ সন্ধ্যা যোৰহাট পুৰণি বাছআস্থানৰ কাষত মুমূৰ্ষ অৱস্থাত পৰি থকা দেখি সাংবাদিক বসন্ত দত্তই পথিকলৈ সহায়ৰ বাবে ফোন কৰিছিল৷ পথিকৰ সমন্বয়ক সঞ্জীৱ শইকীয়াই ততাতৈয়াকৈযোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল দেউৰীৰ সহযোগত স্থানীয় দুজন ব্যক্তি আৰু সাংবাদিক বসন্ত দত্ত আৰু ১০৮ ৰ সহায় লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ কিন্তু, পাছ দিনাই ব্যক্তি জন ঢুকায়৷

পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষীয়ে চৰকাৰী নীতিৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৰ্গত ৭২ ঘণ্টা চিনাক্তকৰণ কাৰ্যসূচীৰ বাবে ৰাখে ৷ আজিলৈকে কোনো চিনাক্ত কৰিবলৈ নোলোৱাৰ বাবে যোৰহাট প্ৰশাসনৰ অনুমতি সাপেক্ষে অচিনাক্ত ব্যক্তিজনৰ সৎকাৰৰ দায়িত্ব লয় পথিকে৷

জুবিন জুবিন গাৰ্গ