/asomiyapratidin/media/media_files/2025/10/01/ujjjdd-2025-10-01-12-09-54.jpg)
ডিজিটেল ডেস্কঃ দুবছৰৰ পূৰ্বে যোৰহাট ষ্টেডিয়ামত উদযাপন কৰা হৈছিল জুবিন গাৰ্গৰ ৫০সংখ্যক জন্মদিন। আজি সেই একেই ষ্টেডিয়ামতে শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ অনুষ্ঠিত হৈছে। আজিৰ দিনটোত সকলোৱে এই কথা সুৱঁৰি আৱেগিক হৈ পৰিছে।
আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই এই কথাত আক্ষেপ প্ৰকাশ কৰি কয় যে, 'যিখন ষ্টেডিয়ামত জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হৈছিল, 'সেইখন ষ্টেডিয়ামতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কথাটো বৰ কষ্টকৰ। তেওঁ লগতে কয়, শ্যামকানু আৰু সিদ্ধাৰ্থ অক্ষমনীয় অপৰাধত অপৰাধী। ছিংগাপুৰত হাঁহি-খিকিন্দালি কৰি দৃশ্যটো চাই থকাসকল চোঁচৰাই অসমলৈ লৈ আহিব লাগে।
আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয় যে, মূল দুগৰাকী অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি CID ৰ জিম্মাত ৰাখিছে ।প্ৰথম কথা হ'ল তেখেতসকলক যাতে কোনো ৰাজ আতিথ্য দিয়া নহয়। সাধাৰণ আচামীক যেনেধৰণে ৰখা হয় তেনেধৰণে তেখেতলোককো ৰাখিবলৈ আমি আহ্বান জনাইছোঁ । কোনো কাৰণতে যাতে আইনৰ সুৰুঙাইদি তেওঁলোক সাৰি যাব নোৱাৰে।
আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে, যি দুটা স্বাৰ্থলোভী অপদাৰ্থই আমাৰ জাতীয় সম্পদগৰাকীক কাঢ়ি লৈ গ'ল ,যাৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গক আমি হেৰুৱাইছো শ্যামকানু মহন্ত - সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এতিয়া চৰকাৰলৈ আমাৰ এটাই সকীয়নি কোনো কাৰণত আইনৰ সুৰঙাৰে যাতে স্বাৰ্থলোভী আৰু অপদাৰ্থ দোষী দুটা সাৰি যাব নোৱাৰে তাৰ দায়িত্ব অসম চৰকাৰৰ।