যোৰহাটত টিকট নাপাই পৱিত্ৰ মাৰ্ঘেৰিটাই! ফুঁলিব কাৰ কপাল...

যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব? ধাৰণ কৰা হৈছিল যে, গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব পৱিত্ৰ মাৰ্ঘেৰিটাক। ইয়াক লৈ ৰাজনৈতিক মহলত চৰ্চাও

author-image
Asomiya Pratidin
New Update
udjdjjd

ডিজিটেল ডেস্কঃ যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব? ধাৰণ কৰা হৈছিল যে, গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব পৱিত্ৰ মাৰ্ঘেৰিটাক। ইয়াক লৈ ৰাজনৈতিক মহলত চৰ্চাও হৈছিল। এই চৰ্চাৰ ভিত্তিয়ো নথকা নহয়।

কিয়নো ইতিমধ্যে যোৰহাট বিধানসভা সমষ্টিত প্ৰায় ৮০লাখ টকাৰে ঘৰ-বাৰী ক্ৰয় কৰি স্থায়ী বাসিন্দা হৈছে পৱিত্ৰ মাৰ্ঘেৰিটা। যোৰহাটৰ ভোটাৰ তালিকাত নামো আহিছে পৱিত্ৰ মাৰ্ঘেৰিটাৰ। গৌৰৱ গগৈ আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ ভোটকেন্দ্ৰও একেটাই। গতিকে এইবোৰ দিশলৈ চাই যোৰহাটত পৱিত্ৰ মাৰ্ঘেৰিটাকেই বিজেপিয়ে টিকট দিব বুলি সকলোৱে এক ধাৰণা কৰি লৈছিল।

কিন্তু এই সকলো চৰ্চা আৰু ধাৰণক যতি লগাই মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে ঘোষণা কৰিলে যে, যোৰহাটত পৱিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচন নেখেলে। তাত এগৰাকী স্থানীয় নেতাকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেহে পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট সমষ্টি কুছকাৱাজ অব্যাহত ৰাখিছে।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ যোৰহাট সমষ্টিত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবনে নকৰে তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰাইও এইবাৰ যোৰহাটত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে বুলি এক চৰ্চা হৈছে।

ড০ হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটা