অগ্ৰণী নাট্য-কৰ্মী অমৰ শৰ্মা আৰু নাই

যোৰহাটৰ সমীপৰ বালিগাঁৱত জন্ম গ্ৰহণ কৰা শৰ্মাই সুদীৰ্ঘ কাল যোৰহাটৰ প্ৰিন্স অৱ ৱে'লছ ইনষ্টিটিউটত শিক্ষকতা কৰি তাৰ ৱৰ্কশ্বপ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-25 at 9.11.12 PM

ডিজিটেল ডেস্কঃ অসমৰ নাট্য আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী, অসম নাট্য সন্মিলনৰ ভূতপূৰ্ব সম্পাদক, যোৰহাট থিয়েটাৰৰ প্ৰাক্তন উপ-সভাপতি অমৰ শৰ্মাৰ আজি পুৱা যোৰহাটৰ এখন বেচৰকাৰী হস্পিটালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭৫ বছৰ হৈছিল। 

WhatsApp Image 2025-12-25 at 9.09.24 PM

উল্লেখ্য যে, মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী জী আৰু পুত্ৰ এৰি গৈছে। যোৰহাটৰ সমীপৰ বালিগাঁৱত জন্ম গ্ৰহণ কৰা শৰ্মাই সুদীৰ্ঘ কাল যোৰহাটৰ প্ৰিন্স অৱ ৱে'লছ ইনষ্টিটিউটত শিক্ষকতা কৰি তাৰ ৱৰ্কশ্বপ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। এগৰাকী সুদক্ষ মঞ্চ অভিনেতা তথা পৰিচালক হিচাপে খ্যাত আৰু যোৰহাটৰ ৰজামৈদাম অঞ্চলৰ বাসিন্দা অমৰ শৰ্মা যোৰহাট যজ্ঞ মন্দিৰ, বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, দীপাংকৰ বিদ্যাপীঠকে আদি কৰি নগৰখনৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও জৰিত আছিল। তেওঁৰ অন্তিম সংস্কাৰ স্থানীয় গড়মূৰ শ্মশানত সম্পন্ন কৰা হয়।

যোৰহাট