/asomiyapratidin/media/media_files/2025/09/21/5325c00c-9dab-431a-af23-3f0b441f9972-2025-09-21-23-49-41.jpg)
ডিজিটেল ডেস্কঃ যোৰহাটতেই জুবিনে পাৰ কৰিছিল শৈশৱ, যৌৱন। জুবিনৰ শেষকৃত্য যোৰহাটত সম্পন্ন নহ'লেও জিলাখনলৈ চিতাভস্ম নি তাতো এক সমাধিস্থল নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে। ইফালে জুবিনৰ স্মৃতি যোৰহাটত যুগমীয়া কৰি ৰাখিবলৈ স্থানীয় সাংসদ গৌৰৱ গগৈয়ে কৰিছে এক বিশেষ ঘোষণা।
গৌৰৱ গগৈয়ে কয় যে, মই কালিয়েই কৈছিলো যে জুবিন দাৰ অন্তেষ্ট্যিক্ৰিয়া পৰিয়ালৰ সিদ্ধান্তমতেই হ’ব লাগে আৰু পৰিয়ালৰ সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন জনাম। ইয়াৰোপৰি মই কালি এইবুলিও কৈছিলো যে জুবিন দাৰ প্ৰতি থকা আমি যোৰহাটবাসী ৰাইজৰ অসীম মৰম, আবেগ আৰু ইচ্ছাকো সন্মান জনাব লাগিব।
সাংসদগৰাকীয়ে লগতে কয় যে, যিহেতু জুবিনদাৰ পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই চৰকাৰে সোণাপুৰত তেখেতৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়েহে যোৰহাটৰ স্থানীয় সাংসদ হিচাপে মোৰ চৰকাৰৰ প্ৰতি কেইটিমান আহ্বান আছে।
সাংসদ গৌৰৱ গগৈৰ জুবিন গাৰ্গক লৈ ৫টা বিশেষ আহ্বান কৰিছে। সেই কেইটা হৈছে-
✅ চৰকাৰে জুবিনদাৰ যোৰহাটৰ তামূলীচিগাৰ পিতৃগৃহটো সংৰক্ষণ কৰি তাত জুবিনদাৰ সকলো স্মৃতি বিজড়িত সামগ্ৰী আৰু সৃষ্টিৰাজি সংৰক্ষণ কৰি এটি সংগ্ৰহালয় স্থাপন কৰিব লাগে।
✅ যোৰহাটত জুবিনদাৰ নামত এখন সংগীত প্ৰতিষ্ঠান স্থাপন কৰিব লাগে।
✅ জুবিনদাৰ স্মৃতিত সংগীতৰ জগতখনৰ নতুন প্ৰতিভাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
✅ স্থানীয় সাংসদ হিচাপে যোৰহাটৰ ৰাইজৰ সৈতে আলোচনা কৰি এক ৰাজহুৱা স্থানত আমি জুবিন দাৰ এটি ভব্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম।
✅ জীৱন কালত ব্ৰহ্মপুত্ৰৰ পাৰত থাকি ভাল পোৱাৰ কথা কোৱা জুবিন দাৰ গুৱাহাটীৰ পানবজাৰ-কাছাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা পাৰ্কখনত এক বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। ব্ৰহ্মপুত্ৰৰ পাৰত থকা জুবিনদাৰ ইচ্ছাৰ প্ৰতি ইও আমাৰ তৰফৰ পৰা এটি বিশেষ শ্ৰদ্ধা নিবেদন হ’ব।