/asomiyapratidin/media/media_files/2025/10/11/487-2025-10-11-18-18-52.jpg)
ডিজিটেল সংবাদ, যোৰহাট : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পি এম ধন-ধন্য কৃষি যোজনা আৰু মাহ জাতীয় শস্যৰ দ্বাৰা আত্মনিৰ্ভৰশীলতা অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ ২১০০ ৰো অধিক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নতুন দিল্লীৰ পুছাৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত এই কাৰ্যসূচী অনুষ্ঠিত হয়।
একেদৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়তো এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ কৃষিত আমুল পৰিবৰ্তন বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বিশেষভাৱে চিন্তা চৰ্চা কৰা বুলি উল্লেখ কৰে। এই আচঁনিৰ জৰিয়তে দেশৰ কৃষি খণ্ড অধিক সমৃদ্ধিশালী হ'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী বৰাই।
অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অসম চৰকাৰৰ কৃষি সচিব, তেজ প্ৰতাপ ভূষাল আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসেও বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে 'পি এম ধন-ধন্য কৃষি যোজনা' আৰু 'মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰশীলতা অভিযান' ৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সৈতে জড়িত ১১০০ৰো অধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
এই প্ৰকল্পসমূহৰ মূল্য ৪২,০০০ কোটিতকৈও অধিক আৰু ইয়াৰ ফলত সমগ্ৰ দেশৰ কেইবা লক্ষাধিক কৃষক উপকৃত হ'ব বুলি আশা কৰা হৈছে।