/asomiyapratidin/media/media_files/2026/01/13/629-2026-01-13-10-27-57.jpg)
ডিজিটেল সংবাদ, ৰহা : আজি ভোগালী বিহুৰ উৰুকা ৷ ভোগৰ উৎসৱ ভোগালী বিহুক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৰাজ্যত ৷ চৌদিশে এতিয়া ভোগালীৰ উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে ভাগে এখাজ খাবলৈ প্ৰস্তুতি চৰাইছে ৰাজ্যবাসীয়ে ৷
প্ৰতিঘৰ অসমীয়াই ভোগালী বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ উৰুকাৰ নিশা হাঁহে-মাহে তৃপ্তিৰে এসাঁজ খাবলৈ সকলোৱে এতিয়া মাছ-মাংস যোগাৰ কৰাত ব্যস্ত ৷ ৰহাৰ জোঙালবলহু গড় চৰকাৰী মীন পামত প্ৰতি বছৰৰ দৰে এইবাৰো পুৱাৰে পৰা উৰুকাৰ দিনা পাইকাৰী দৰত মাছ বিক্ৰী কৰা হৈছে মাছ ৷
পুৱা ৭ বজাৰ পৰা মাছ বিক্ৰী আৰম্ভ হৈছে যদিও পুৱতি নিশাৰ পৰাই মাছ ক্ৰয় কৰিবলৈ শাৰী পাতিছে ৰহাৰ বিভিন্ন অঞ্চলৰ ৰাইজে ৷ মীনপামখনত এইবাৰ ৰৌ, ভকুৱা, মিৰিকা, মালি আদি মাছৰ মূল্য এক কেজি তলৰ ১৬০ টকা আৰু এক কেজি ওপৰৰ মাছৰ মূল্য ২৫০টকাৰ পৰা ৪০০ টকালৈ ধায্য কৰা হৈছে ৷
একেদৰে কাৰ্পজাতীয় মাছৰ মূল্য এক কেজি তলৰ ১৫০টকা আৰু এক কেজি ওপৰৰ মাছৰ মূল্য দুশ টকাৰ পৰা তিনিশ টকা ধাৰ্য্য কৰা হৈছে৷ উল্লেখ্য যে জোঙালবলহু গড় চৰকাৰী মীনপামৰ মাছৰ সোৱাদ সুকীয়া৷ যাৰবাবে মাজ ৰাতিৰ পৰাই গ্ৰাহকৰ শাৰী দেখিবলৈ পোৱা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us