/asomiyapratidin/media/media_files/2026/01/15/whatsap-2026-01-15-21-06-16.jpeg)
ডিজিটেল ডেস্কঃ অসমৰ এক ঐতিহাসিক তথা পৰম্পৰাগত উৎসৱ হৈছে জোনবিল মেলা। এই মেলাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে মধ্য অসমৰ মৰিগাঁও জিলাৰ ভৈয়ামৰ লোকসকলৰ লগতে কাৰ্বিআংলং আৰু মেঘালয়ৰ পাহাৰত বসবাস কৰা জনগোষ্ঠীয় লোকসকলে । অতীত কালত মুদ্ৰাৰ প্ৰৱৰ্তনৰ পূৰ্বে পণ্য দ্ৰৱ্যৰ বিনিময় হৈছিল বিনিময় প্ৰথাৰ জৰিয়তে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/image-52-2026-01-15-21-06-33.png)
সমাগত এই ঐতিহাসিক জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত তুলিছে মেলা পৰিচালনা সমিতিয়ে ৷ জানুৱাৰী মাহৰ ২২,২৩ আৰু ২৪ তাৰিখে তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে তিৱা সাংস্কতিক প্রাণকেন্দ্র, পাহাৰ-ভৈয়াম মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক 'জোনবিল মেলা' অনুষ্ঠিত কৰিব। য’ত পুনৰ এবছৰৰ অন্তত মিলন ঘটিব পাহাৰ-ভৈয়ামৰ লোকসকলৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-2026-01-15-21-07-05.jpeg)
এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে, পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলাক সম্প্ৰীতিৰ মেলা বুলি কয়। ইপিনে ঐতিহাসিক গোভাৰাজ্য প্রতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হয় বুলি গৱেষকসকলে মত পাষণ কৰে। গোভা ৰজাকেই জোনবিল মেলাৰ জন্মদাতা বুলি কোৱা হয়। একাংশ পণ্ডিতৰ মতে, তিৱাসকলৰ গোভা ৰজা জোন সিঙৰ ৰাজ-অভিষেকৰ স্মৃতিৰে বিলখনৰ নাম ‘জোনবিল’ হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-21-07-26.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us