/asomiyapratidin/media/media_files/2025/08/16/jonali-saikia-16-2025-08-16-13-27-02.jpg)
ডিজিটেল ডেস্কঃ অসম বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান বিভাগৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে গহপুৰৰ জোনালী শইকীয়াই। মেধাৱী ছাত্ৰীগৰাকীৰ গৱেষণাৰ বিষয় আছিল –‘A descriptive Grammar of Chakma’’।
এটি সন্তানৰ মাতৃ জোনালী শইকীয়াই বিশ্ববিদ্যালয়খনৰ ভাষা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ডি মেৰী কিম হাওকিপৰ তত্বাৱধানত এই গৱেষণা কাৰ্য সম্পন্ন কৰে। শইকীয়া গহপুৰৰ নিবাসী ৰত্নেশ্বৰ শইকীয়া আৰু কুঞ্জলতা শইকীয়াৰ কন্যা আৰু লখিমপুৰৰ মধুপুৰৰ নিবাসী লক্ষ্যদ্বীপ বৰদলৈৰ পত্নী তথা নেত্ৰধৰ বৰদলৈ আৰু কুঞ্জ বৰদলৈৰ বোৱাৰী।