২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা...

ঘোষণা কৰা হল ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা। এই বৰ্ষত তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে পদাৰ্থ বিজ্ঞানৰ ন’বেল। জন ক্লাৰ্ক, মিচেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছে লাভ কৰিছে এই সন্মান।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হল ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা। এই বৰ্ষত তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে পদাৰ্থ বিজ্ঞানৰ ন’বেল। জন ক্লাৰ্ক, মিচেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছে লাভ কৰিছে এই সন্মান। ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে ঘোষণা কৰে এই সন্মান। ন’বেল বঁটা লাভ কৰা তিনিওগৰাকীয়েই কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানী। 

তিনিওগৰাকী বিজ্ঞানীয়ে "বৈদ্যুতিক বৰ্তনীত মেক্ৰ'স্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱাণ্টাইজেচনৰ আৱিষ্কাৰ"ৰ বাবে এই সন্মান লাভ কৰিছে। এই গৱেষণাই কোৱাণ্টাম পৰিঘটনাসমূহক মানৱীয় দৃষ্টিভংগীত উপলব্ধিৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে।

বিজয়ীসকলে নোবেল বঁটাৰ ৰূপত লাভ কৰিব ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (প্ৰায় ১০.৩ কোটি ভাৰতীয় টকা), এটা সোণৰ পদক আৰু এখন সন্মান পত্ৰ। এই বঁটা আনুষ্ঠানিকভাৱে অহা ১০ ডিচেম্বৰত আলফ্ৰেড নোবেলৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ছুইডেনৰ ষ্টকহ’ম চহৰত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠাত প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, ১৯০১ চনৰ পৰা আৰম্ভ হোৱা নোবেল বঁটা পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত এতিয়ালৈকে মুঠ ১১৮ বাৰ প্ৰদান কৰা হৈছে, য’ত ২২৬ গৰাকী গৱেষকে এই সন্মান লাভ কৰিছে। 

নোবেল বঁটা