New Update
/asomiyapratidin/media/media_files/2026/01/21/new-ap-web-2026-01-21-10-14-04.jpeg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহজ নহয়, কিন্তু IAS বা IPS হোৱাৰ পিছত বহু বিষয়া প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰে। শেহতীয়াকৈ কৰ্ণাটক কেডাৰৰ এজন আই পি এছ বিষয়াৰ কৰ্মকাণ্ডই দেশৰ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে কৰ্ণাটকৰ আই পি এছৰ জ্যেষ্ঠ বিষয়া ড০ কে ৰামচন্দ্ৰ ৰাওৱে নিজৰ অফিচ চেম্বাৰত এগৰাকী মহিলাৰ সৈতে অন্তৰংগ মুহূৰ্তত লিপ্ত হোৱা। ২০২৬ চনৰ জানুৱাৰী মাহত ভাইৰেল হোৱা এই ভিডিঅ’টোৱে ৰাজ্যজুৰি ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাইৰেল ভিডিঅ’টোৰ পিছতে কৰ্ণাটক চৰকাৰে তেওঁক নিলম্বন কৰে।
/asomiyapratidin/media/post_attachments/ibnkhabar/uploads/2026/01/ram12345-2026-01-e0860217cc46a2f13de69ecef7e23575-192319.jpg?im=Resize,width=807,aspect=fit,type=normal)
উল্লেখ কৰা প্ৰয়োজন যে, ৰাও এজন ডি জি পি ৰেংকৰ বিষয়া। ৰাও প্ৰথমবাৰৰ বাবে এনে বিতৰ্কত লিপ্ত হোৱা নাই। ইয়াৰ পূৰ্বে তেওঁৰ সতি-সন্ততি ৰন্যা ৰাওৰ সৈতে জড়িত সোণৰ চোৰাং সৰবৰাহৰ গোচৰ আছিল। এই শিক্ষিত আই পি এছ বিষয়া গৰাকী উচ্চ পদবীলৈ উন্নীত হৈছিল যদিও পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত যথেষ্ট বদনাম আছিল।
ড০ কে ৰামচন্দ্ৰ ৰাও কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়া আৰু বৰ্তমান ডি জি পি পদত অধিষ্ঠিত। ১৯৬৬ চনৰ ৭ মে’ত অন্ধ্ৰ প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰামচন্দ্ৰ ৰাও উচ্চ শিক্ষিত। তেওঁ এম. ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত পি এইচ ডি সম্পূৰ্ণ কৰে। পঢ়াৰ অন্তত ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই ১৯৯৩ চনত আই পি এছৰ বাবে নিৰ্বাচিত হয়। ১৯৯৪ চনৰ ৪ ছেপ্টেম্বৰত কৰ্ণাটকৰ কেডাৰ হিচাপে নিযুক্তি লাভ কৰেছিল।
/asomiyapratidin/media/post_attachments/ibnkhabar/uploads/2026/01/ram-dgp-2026-01-5b7c4acc3a943ca8d01c03bb31504bf1-697647.webp?im=Resize,width=807,aspect=fit,type=normal)
২০২৬ চনৰ জানুৱাৰী মাহত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত দেখা গৈছিল যে ৰাওৱে নিজৰ চৰকাৰী ইউনিফৰ্ম পিন্ধি কৰ্তব্যৰত অৱস্থাত নিজৰ চৰকাৰী কাৰ্যালয়ৰ চেম্বাৰত মহিলাৰ সৈতে অন্তৰংগ মুহূৰ্তত লিপ্ত হৈছিল। ভিডিঅ’টোত তেওঁ মহিলাসকলক সাৱটি ধৰি চুমা খাই থকা দেখা গৈছে।
এই ভিডিঅ তেওঁৰ কাৰ্যালয়ত গোপনে ৰেকৰ্ডিং কৰি শ্বুট কৰা হৈছিল। ভিডিঅ’টোত জোৰ-জবৰদস্তি বা অসন্মতিসূচক যৌন সম্পৰ্কৰ কোনো অভিযোগ নাই যদিও কৰ্তব্যৰ সময়ত চৰকাৰী স্থানত এনেধৰণৰ আচৰণ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মৰ্যাদা আৰু অনুশাসনৰ বিৰুদ্ধে বুলি মত ব্যক্ত কৰিছে সকলোৱে। ইয়াৰ ফলত আৰক্ষী বিভাগৰ নৈতিক বিশ্বাসযোগ্যতাৰ ওপৰত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত ৰাৱে লগে লগে ভুৱা আখ্যা দি মৰ্ফ কৰিলে। তেওঁ কয়, "এই ভিডিঅ'টো সম্পূৰ্ণ ভুৱা। মোৰ বদনাম কৰাৰ ষড়যন্ত্ৰ।" সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, "মইও ভাবিছো যে এইটো কেতিয়া আৰু কেনেকৈ হ'ল। এই সময়ত যিকোনো কামেই সম্ভৱ; মোৰ কোনো ধাৰণা নাই।" ঘটনাৰ পাছতে মুখ্যমন্ত্রী সিদ্ধাৰমাইয়াই ততাতৈয়াকৈ বিভাগৰ পৰা বিতং প্রতিবেদন বিচাৰি ডি জি পিক নিলম্বন কৰি, তদন্তৰ নির্দেশ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us