/asomiyapratidin/media/media_files/2026/01/21/846a9a60-5140-4b47-a53f-330d11fc03aa-2026-01-21-15-54-22.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপীয়াৰ জে. জ্যোতি ৱেষ্টাৰ্ণ ডাঞ্চ একাডেমিৰ ৬ গৰাকী ছাত্ৰীয়ে Best Award লাভৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
একাডেমীৰ প্ৰশিক্ষক কাবেৰী পতংগীয়াৰ নেতৃত্বত যোৱা দলটিয়ে মায়া নগৰী সুদূৰ মুম্বাইৰ অন্ধেৰীৰ বাডা থিয়েটাৰ হলত যোৱা ১১ জানুৱাৰীত অনুষ্ঠিত হোৱা 3rd International Mumbai Carnival 2026ত তপস্যা শৰ্মা, অডিচি বৰ্মন, গীতা চেত্ৰী, জানভী বৰাইলি, কৃতি উপ্ৰেতি আৰু সঞ্জনা দেৱীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই বৃহৎ সফলতা অৰ্জন কৰা টুপিয়াৰ জে. জ্যোতি ৱেষ্টাৰ্ণ ডাঞ্চ একাডেমীৰ ছাত্ৰী সকলৰ লগতে প্ৰশিক্ষকক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাই একোখনকৈ ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
এই সম্বৰ্দ্ধনা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে সমাজকৰ্মী প্ৰদীপ বৰুৱা, সঞ্জয় শৰ্মা, মুকুল পতংগীয়াকে ধৰি বিশিষ্ট ব্যক্তি সকলে। উক্ত ডাঞ্চ একাডেমিখনৰ যোগেদি নিজক প্ৰতিষ্ঠিত কৰি অনাগত দিনত আৰু অধিক আগুৱাই যাবলৈ সু-দিহা, পৰামৰ্শৰে তত্ত্বগধুৰ মন্তব্য আগবঢ়ায় যুৱ সমাজকৰ্মী সঞ্জয় শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us