জিতু গোস্বামী-কামাখ্যা প্ৰাসাদ তাছাৰ কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন

জিতু গোস্বামী-কামাখ্যা প্ৰাসাদ তাছাৰ কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন

author-image
Asomiya Pratidin
New Update
জিতু গোস্বামী-কামাখ্যা প্ৰাসাদ তাছাৰ কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন

ডিজিটেল সংবাদ, কামপুৰঃ বৃহস্পতিবাৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু কাজিৰঙা লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লয়। অসম মালা আঁচনিৰ অধীনত কঠীয়াতলীৰ পৰা কামপুৰ আৰু যমুনামুখ হৈ ডবকাক সংযোগ কৰি নতুনকৈ নিৰ্মাণ হবলগীয়া পথ আৰু জলসম্পদ বিভাগে নিৰ্মাণ কৰিব লগা মথাউৰিৰ দ্বাৰা কপিলীৰ দুয়োপাৰৰ বান সমস্যাৰ অন্ত পৰিব বুলি বিধায়ক আৰু সাংসদগৰাকীয়ে মন্তব্যক্ত কৰে।

ইফালে আজিও জলমগ্ন হৈ থকা চাংচকীলৈ বিধায়ক গোস্বামী আৰু সাংসদ তাছা যাব বুলি ভাবি একাংশ বন্যাক্ৰান্তই অপেক্ষা কৰি আছিল যদিও তেওঁলোক নোযোৱাত ক্ষোভ প্ৰকাশ কৰিছে বন্যাক্ৰান্তই। বন্যাক্ৰান্তই কামাখ্যা প্ৰসাদ তাছাক নেদেখাকৈয়ে ভোট দি জিকাইছিলো বুলি আক্ষেপ প্ৰকাশ কৰিছে। এই পৰিদৰ্শন কালত দুয়োগৰাকীকে সংগ দিয়ে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, কামপুৰ মণ্ডল বিজেপিৰ সভাপতি শান্তিৰাম বৰা আৰু কামপুৰ পৌৰসভাৰ উপ-পৌৰপতি জয়ন্ত ফুকনো উপস্থিত থাকে ।

Also Read: আপোনাৰ কি ৰাশি? এই তিনিটা ৰাশিৰ লোকৰ জুন মাহতে কপাল ফুলিব...

JITU GOSWAMI kampur kamakhya prasad tasa