সত্ৰাধিকাৰ, সংস্কৃতি-সাধক, সমাজকৰ্মী জিতেন মহন্তৰ বিয়োগ

শিৱসাগৰৰ শ্ৰীশ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু অগ্ৰণী সমাজকৰ্মী জিতেন মহন্তৰ বুধবাৰে সন্ধিয়া ৫-৩০বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে

author-image
Asomiya Pratidin
New Update
673

ডিজিটেল সংবাদ, গুৱাহাটী : শিৱসাগৰৰ শ্ৰীশ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু অগ্ৰণী সমাজকৰ্মী জিতেন মহন্তৰ বুধবাৰে সন্ধিয়া ৫-৩০বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন অসুস্থ হৈ থকা সত্ৰাধিকাৰ গৰাকীৰ বয়স ৮৮ বছৰ হৈছিল।  গুৱাহাটীৰ গান্ধী বস্তিৰ  মামনি ৰয়চম গোস্বামী পথ নিবাসী প্ৰয়াত মহন্ত‌ই তেওঁৰ সহোদৰ কনিষ্ঠ ভাতৃ, দুগৰাকী ভগ্নী, দুগৰাকী জীয়ৰী, জোঁৱাই,  দুজন পুত্ৰ- বোৱাৰীসহ ভালেসংখ্যক নিকটাত্মীয়ক এৰি থৈ গৈছে।

কাইলৈ সত্ৰীয়া ৰীতি-নীতিৰে সত্ৰাধিকাৰ গৰাকীৰ অন্তেষ্টিক্ৰিয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্যযোগ্য যে কেশকান্ত দেৱ মহন্ত আৰু যমুনা দেৱী মহন্তৰ তৃতীয় পুত্ৰ জিতেন মহন্ত‌ই গুৱাহাটী জিলা সত্ৰ মহাসভাৰ দীৰ্ঘকাল ধৰি সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।

বৰদোৱা থান  সমিতিৰ গুৱাহাটী শাখাৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ উপ সভাপতি পদত অধিষ্ঠিত হোৱা জিতেন মহন্ত‌ই গুৱাহাটীৰ পল্টনবজাৰৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে বিগত ৫০ বছৰ ধৰি সক্ৰিয় ভাৱে জড়িত আছিল। বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত প্ৰচাৰৰ ক্ষেত্ৰতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰা মহন্ত আছিল এগৰাকী সুঅভিনেতা। বিশেষকৈ অংকীয়া ভাওনাত পৰশুৰাম আৰু বিশ্বামিত্ৰ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ সমাদৃত হৈছিল। একালত লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাৰ চলচ্চিত্ৰ "ভাগ্য" আৰু "গণেশ"তো তেওঁ অভিনয় কৰিছিল।

শিৱসাগৰৰ বৰখাতপাৰ সত্ৰৰ পূৰ্বৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ বিয়োগৰ পিছত ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত সত্ৰাধিকাৰৰ দায়িত্বত অধিষ্ঠিত হোৱা জিতেন মহন্ত‌ই ইতিপূৰ্বে অসম চৰকাৰৰ ৰাজহ বিভাগত সহকাৰী পৰিদৰ্শক পদবীত সেৱা আগবঢ়াইছিল। জাতীয়তাবাদী চিন্তাধাৰাৰ ব্যক্তি জিতেন মহন্তৰ বিয়োগত তেওঁৰ গুণমুগ্ধ, আৰু সত্ৰীয়া সংস্কৃতিপ্ৰেমী সমাজত শোকৰ ছাঁ পৰিছে।

সমাজকৰ্মী