/asomiyapratidin/media/media_files/2025/09/07/274-2025-09-07-14-26-59.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এখন পুৰণা বাই চাইকেলক সাৰথি কৰি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ বুনিয়াদ গঢ়াত আত্মনিয়োগ কৰি দলটোৰ সাংগঠনিক ভেঁটি মজবুত কৰি যোৱা প্ৰবীণ আদৰ্শবাদী কংগ্ৰেছী নেতা জীতেন গোঁহাই আৰু নাই । ঢকুৱাখনা নগৰৰ হুজগাঁওৰ নিজা বাসগৃহত শনিবাৰে নিশা প্ৰায় ১১-১৫ বজাত প্ৰবীণ নাগৰিক গৰাকীয়ে অন্তিম নিশ্বাস ত্যাগ কৰে ।
প্ৰায় ৮২ বছৰ বয়সীয়া গোঁহাই কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত চিকিৎসাধীন হৈ আছিল । যোৱা নিশা স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত সকলোকে শোক সাগৰত পেলাই তেওঁ পৰলোকলৈ গতি কৰে।
এগৰাকী অতি বিনয়ী, সৎ ,আদৰ্শবাদী আৰু নিঃস্বাৰ্থ পৰায়ণ কংগ্ৰেছ নেতা হিচাপে সৰ্বপৰিচিত গোঁহাইয়ে আমৃত্যু কংগ্ৰেছ দলৰ নীতি আদৰ্শ বুকুত বান্ধি দলীয় আনুগত্য প্ৰকাশেৰে মূল্যবোধৰ ৰাজনীতিৰ দৃষ্টান্ত দেখুৱাই গৈছে। ২০০২ চনত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈ অৱধাৰিতভাৱে ২০১১ চনলৈ এক গণমুখী দলীয় সেৱা আগবঢ়াই যোৱা গোঁহাই ঢকুৱাখনা নগৰৰ টাউন তিনি আলিৰ "ডিমগাৰ"ৰ অন্যতম প্ৰতিষ্ঠাপক আৰু ঢকুৱাখনা সমবায় সমিতি পৰিসীমিতৰ অধ্যক্ষ হিচাপে বৰেণ্য সেৱা আগবঢ়াই গৈছে।
লখিমপুৰ জিলা কংগ্ৰেছৰ উপ সভাপতি হিচাপেও নিযুক্ত হোৱা হাস্যমুখী জ্যেষ্ঠ নাগৰিক গোঁহাই ঢকুৱাখনা সমবায় সমিতি পৰিসীমিতৰ আমৃত্যু সদস্য আছিল । ৰাজ্যত কংগ্ৰেছ দলৰ দীঘলীয়া চৰকাৰ ,ঢকুৱাখনাত প্ৰতাপী কেবিনেট মন্ত্ৰী ,সাংসদৰ শাসন উপলব্ধ হোৱাৰ সময়তো নিজৰ আওপুৰণি এখন চাইকেলক সাৰথি কৰি দলীয় সাংগঠনিক বুনিয়াদ গঢ়াৰ নিমিত্তে আত্মনিয়োগ কৰি গোঁহাইয়ে নিঃস্বাৰ্থ আৰু আদৰ্শবাদী ৰাজনীতিকৰ সুকীয়া দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে।
ঢকুৱাখনাৰ বিভিন্ন সামাজিক সংগঠনৰ সতে নিবিড়ভাৱে আমৃত্যু জড়িত গোঁহাইৰ বিয়োগত ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি, লখিমপুৰ জিলা কংগ্ৰেছ সমিতি , প্ৰাক্তন মন্ত্ৰী ,বিধায়ক ভৰত নৰহ, প্ৰাক্তন সাংসদ ড০ ৰাণী নৰহ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ ,ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছ সমিতি, মহিলা কংগ্ৰেছ সমিতি, প্ৰাক্তন ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক ,প্ৰধান শিক্ষক অনন্ত কুমাৰ দাস, ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা , ঢকুৱাখনা সমবায় সমিতি পৰিসীমিতৰ পৰিয়ালবৰ্গ ,জ্যেষ্ঠ নাগৰিক সন্মিলন আদি বিভিন্ন ব্যক্তি, সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
পত্নী মধুমিতা গোঁহাই ,দুই পুত্ৰ, এগৰাকী কন্যা সহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা গোঁহাইৰ বিয়োগৰ বাতৰি পাই অগণন শুভাকাংক্ষীৰ আগমন ঘটে গোঁহাইৰ বাসভৱনলৈ। সততা নিষ্ঠাৰে আৰু উদাৰ ৰাজনীতি কৰাৰ এক বিৰল দৃষ্টান্ত দেখুৱাই যোৱা এইগৰাকী প্ৰবীণ নাগৰিকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোক সভা অনুষ্ঠিত কৰা হৈছে দলীয় কাৰ্য্যালয়ত।