/asomiyapratidin/media/media_files/2025/02/06/0XUL62cAdJO1GOGhChdh.jpg)
ডিজিটেল সংবাদ,মণিপুৰঃ মণিপুৰ আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগত আছাম ৰাইফলছে মণিপুৰৰ জিৰিবাম জিলাৰ পৰা নিচাজাতীয় সামগ্ৰী জব্দ কৰে। অভিযানকাৰী দলটোৱে জব্দ কৰা কাহ চিৰাপৰ ১৫৬০ বটলৰ আনুমানিক বজাৰ মূল্য ৯,৩৬,০০০ বুলি জানিব পৰা গৈছে।
নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হৈছিল। অভিযানত এজন লোকক আটক কৰে দলটোৱে। উদ্ধাৰ হোৱা নিষিদ্ধ সামগ্ৰীখিনি অধিক আইনী প্ৰক্ৰিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হৈছে।
এই সফল অভিযানে অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অসম ৰাইফলছ, মণিপুৰ আৰক্ষী, আৰু চি আৰ পি এফৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি তুলিছে।