জিৰিবামত‌ জব্দ ১৪৭ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী, গ্ৰেপ্তাৰ অসমৰ তিনি সৰবৰাহকাৰী

শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা আমদানি কৰা এই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মনিপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছে।

author-image
Asomiya Pratidin
New Update
zxzxzxzxzx

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মনিপুৰ আৰু মিজোৰামক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চোৰাং ব্যৱসায়ী চক্ৰই প্ৰতিদিনে কোটি কোটি টকাৰ হেৰ'ইন আৰু নিচাজাতীয় য়াবা টেবলেট সৰবৰাহ কৰি আহিছে। এই দুখন ৰাজ্য পাৰ হৈ চোৰাং ব্যৱসায়ী চক্ৰটোৱে বৰাক উপত্যকাৰ মাজেৰে এই নিচাজাতীয় সামগ্ৰী সমুহ দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে।

শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা আমদানি কৰা এই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মনিপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছে। কাছাৰ- মনিপুৰ সীমান্তৰ জিৰিবামৰ লেইনাগান পোকপি এলেকাত তিনিখন ট্ৰাকত তালাচী চলাই গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় কেইবাটাও য়াবা টেবলেটৰ পেকেট। পেকেট কেইটাৰ পৰা মুঠ ১৪৭ কেজি টেবলেট জব্দ কৰে আৰক্ষীয়ে।

ইফালে, নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাৰিটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। ধৃত‌ সৰবৰাহকাৰী কেইটা হৈছে- বৰপেটাৰ ফাৰুক আলী, কামৰূপৰ মফিজ উদ্দিন, বঙাইগাঁৱৰ হানিফ আলী আৰু মধ্য প্ৰদেশৰ সন্তোষ পেটেল বুলি সদৰী কৰিছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা ট্ৰাক তিনিখনো জব্দ কৰিছে। 

শিলচৰ