মেৰ-কলাবৰীয়া খনন আঁচনিৰ সন্দৰ্ভত ৰাজহুৱা শুনানিৰ দাবী জীপাল কৃষক-শ্ৰমিক সংঘৰ

স্ববিৰোধী তথা অবৈজ্ঞানিক বান-খহনীয়া প্ৰতিৰোধী এক আঁচনিয়ে স্থানীয় জনসাধাৰণৰ চকুৰ টোপনি হৰণ কৰা কাহিনী পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
fghfgfgfgfgfg

ডিজিটেল সংবাদ, বোকাখাতঃ অসমৰ বান-খহনীয়াৰ নাড়ী-নক্ষত্ৰৰ জ্ঞান থকা থলুৱা জনসাধাৰণৰ চকু কপালত তুলিছে শেহতীয়া বোকাখাত সমষ্টিত গ্ৰহণ কৰা এক চৰকাৰী আঁচনিয়ে। স্ববিৰোধী তথা অবৈজ্ঞানিক বান-খহনীয়া প্ৰতিৰোধী এক আঁচনিয়ে স্থানীয় জনসাধাৰণৰ চকুৰ টোপনি হৰণ কৰা কাহিনী পোহৰলৈ আহিছে।

অসমৰ আৰ্দ্ৰভূমিসমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ জৰিয়তে জলধাৰণ ক্ষমতা বৃদ্ধি আৰু বান-খহনীয়াৰ আশংকা হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে তৈয়াৰ কৰা এক আঁচনিৰ আধীনত বোকাখাত সমজিলাৰ কুৰুৱাবাহীৰ দুখনকৈ বিল স্থানীয় ৰাইজৰ কোনো ধৰণৰ মতামত গ্ৰহণ আৰু ৰাজহুৱা শুনানিৰ ব্যৱস্থা নকৰাকৈ খনন কৰিবলৈ লোৱা কাৰ্যত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জলসম্পদ বিভাগৰ মতে ধনশিৰি নদীৰ এৰা সুঁতি এই কলাবৰীয়া আৰু মেৰবিল দুখনক খনন কৰি ইয়াৰ জলধাৰণ ক্ষমতা বৃদ্ধি কৰি ধনশিৰি নদীৰ বানপানী আৰু খহনীয়া হ্ৰাস কৰিবৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। কিন্তু ধনশিৰি নদীৰ সমিপতে অৱস্থিত এই দুয়োখন বিল খনন কৰি জলধাৰণ ক্ষমতা বৃদ্ধি আৰু খহনীয়া প্ৰতিৰোধ কৰিবলৈ যাওঁতে হিতে বিপৰিত হোৱাৰ আশংকা কৰিছে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলবাসীয়ে। কাৰণ প্ৰস্তাৱিত মেৰবিল আৰু কলাবৰীয়া বিলৰ নিচেই কাষেৰে বৈ গৈছে অত্যন্ত খহনীয়া প্ৰৱণ ধনশিৰি নদী। বিশেষকৈ মেৰ-কলাবৰীয়া বিলদুখনৰ বোকাখাত সমজিলাৰ বিহৰা ১২ নম্বৰৰ সমীপৰ অংশটোৰ পৰা মাত্ৰ ১৫০ ৰ পৰা ২০০ মিটাৰ সমিপেৰে বৈ গৈছে নদীখন আৰু উক্ত ঠাইত বিগত বহু বছৰ ধৰি অব্যাহত আছে তীব্ৰ খহনীয়াৰ।

 ইতিপূৰ্বে স্থানীয় জনসাধাৰণে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে আহ্বান জনাই অহাৰ পিছতো আজি পৰিমিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে, বৰঞ্চ উক্ত ঠাইত খহনীয়া প্ৰতিৰোধৰ নামত বিভিন্ন সময়ত ব্যাপক লুণ্ঠনৰ কাহিনী সৰ্বজনবিদিত। সংশ্লিষ্ট বিভাগক জীপাল কৃষক-শ্ৰমিক সংঘই দৃষ্টিগোচৰ কৰি উল্লেখ কৰে যে মেৰ-কলাবৰীয়া বিল দুখন খননৰ লগে লগে সেই খহনীয়াৰ ফলতেই ধনশিৰি নদীখন বিলদুখনলৈ সোমাই যে আহিব ই কুৰুৱাবাহীবাসীৰ বাস্তৱ আশংকা। গতিকে আশংকা কৰাৰ দৰে যদি ধনশিৰি নদীখন মেৰ-কলাবৰীয়া বিলৰ লগত সংযোগ হৈ যায় তেতিয়া এক বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমি আৰু বহু গাঁও ধনশিৰি নদীত জাহ যাব। ইয়াক কোনো বৈজ্ঞানিক পদ্ধতিৰে পাৰিপাৰ্শ্বিক প্ৰভাৱ সম্পৰ্কে অধ্যয়ন সম্পন্ন (Environment Impact Assessment) নকৰাকৈ আৰু সংবিধান প্ৰদত্ত ৰাজহুৱা শুনানি (Public Hearing) গ্ৰহণ নকৰাকৈ কৰা ফেচিবাদী তথা হঠকাৰী এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে জীপাল কৃষক-শ্ৰমিক সংঘই।

ইফালে, শেহতীয়াকৈ সংশ্লিষ্ট বিভাগে বিল দুখন পৰিভ্ৰমণ কৰাৰ সময়ত স্থানীয় ৰাইজক জানিবলৈ দিয়া অনুসৰি বিল দুখনৰ খননৰ বেলিকা স্থানীয় ৰাইজৰ যি বিস্তীৰ্ণ ভূমি অধিগ্ৰহণ কৰা হ'ব তাৰ বিপৰিতে কোনো ধৰণৰ ক্ষতিপূৰণ চৰকাৰৰ তৰফৰ পৰা দিয়া নহ'ব। স্বাভাৱিকতেই চৰকাৰৰ এই সিদ্ধান্তক ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জীপাল কৃষক-শ্ৰমিক সংঘই ইয়াক বে আইনী আৰু মানুহৰ মৌলিক অধিকাৰ উলংঘনৰ আঁচনি বুলি আখ্যা দিছে। এই বিলদুখনৰ লগত স্থানীয় ৰাইজৰ কৃষিৰ এক এৰাব নোৱাৰা সম্পৰ্ক নিহিত আছে। আছে এক নৃতাত্ত্বিক সম্পৰ্ক। গতিকে এই খননৰ লগে লগেই এক বিশাল কৃষিভূমিৰ কৃষিৰ পৰাও বঞ্চিত হৈ পৰিব লগা বহু কৃষক পৰিয়ালৰ বাবে জীপাল কৃষক-শ্ৰমিক শ্ৰমিক সংঘই ৰাইজৰ ইচ্ছাৰ আৰু নিৰাপত্তা ৰ বিৰুদ্ধে কোনো আচনি গ্ৰহণ নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক এই বিবৃতিৰ যোগেদি সকীয়াই দিয়ে।

গতিকে বানপানী, খহনীয়া সন্দৰ্ভত অভিজ্ঞ স্থানীয় ৰাইজৰ লগত আলোচনাৰ বাবে ৰাজহুৱা শুনানি, পাৰিপাৰ্শ্বিক প্ৰভাৱ অধ্যয়ন আৰু জনসাধাৰণৰ নিশ্চিত নিৰাপত্তা আৰু ক্ষতিপূৰণ সন্দৰ্ভত এক সবল সিদ্ধান্ত অবিহনে এই কাম হাতত নলবলৈ জীপাল কৃষক-শ্ৰমিক সংঘই দাবী জনায় আজি গোলাঘাট জিলাৰ আয়ুক্তলৈ এখন শক্তিশালী স্মাৰক পত্ৰ প্ৰদান কৰিছে। লগতে ৰাজহুৱা শুনানি অনুষ্ঠিত হ'লে সংগঠনটিয়ে উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ৰাইজৰ হকে দায়বদ্ধতাৰে মাত মাতিব বুলি ঘোষণা কৰে।

বোকাখাত