শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য জীৱন জ্যোতি দত্ত বৰাৰ বিয়োগ

বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ এগৰাকী অগ্ৰণী সাংস্কৃতিক কৰ্মী , অভিনেতা , বিনয়ী ব্যক্তি তথা শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ আচাৰ্য জীৱন জ্যোতি দত্ত বৰাৰ বিয়োগ ঘটিছে

author-image
Asomiya Pratidin
New Update
12324678

ডিজিটেল সংবাদ, ঢকুৱাখনা : বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ এগৰাকী অগ্ৰণী সাংস্কৃতিক কৰ্মী , অভিনেতা , বিনয়ী ব্যক্তি তথা শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ আচাৰ্য জীৱন জ্যোতি দত্ত বৰাৰ বিয়োগ ঘটিছে। গোবিন্দপূৰ গাঁও নিবাসী দত্ত বৰাই বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২-২০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্রায় ৫২ বছৰ । পত্নী প্ৰতিমা কোচ এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰসহ অজস্ৰ গুণমুগ্ধক ইস সংসাৰত এৰি থৈ বৈকুণ্ঠগামী হোৱা অতি স্বল্পভাষী ,সমাজ হিতৈষী ব্যক্তিজনৰ বিয়োগত সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলত শোকৰ ছাঁ পৰিছে ।

অঞ্চলটোৰ সামাজিকভাৱে অতি সচেতন ভূমিকা গ্ৰহণ কৰি অহা দত্ত বৰাই ৩ মাৰ্চ ২০০৬ চনত শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাত কম্পিউটাৰ আচাৰ্য হিচাবে যোগদান কৰি পৰৱৰ্তী সময়ত অসমীয়া বিভাগৰ শিক্ষকতাৰ বৰেণ্য সেৱা আগবঢ়াই থৈ গৈছে। অসমীয়া বিভাগৰ স্নাতকোত্তৰ মৃদুভাষী ,নম্ৰ , নিৰঅহংকাৰী , দত্ত বৰাই নিকেতনৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা নিৰবিছিন্ন ভাবে বিদ্যায়তনিক সেৱা আগবঢ়াই গৈছে।

সোমবাৰে স্বাস্থ্যজনিত চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰদান কৰি থকা হৈছিল চিকিৎসা সেৱা । ইয়াৰ মাজতেই ইহলীলা  সম্বৰণ কৰা দত্ত বৰাৰ আকস্মিক বিয়োগত শোকাচন্ন হৈ পৰিছে নিকেতন পৰিয়াল আৰু পশ্চিম মাছখোৱা আৰু গোবিন্দপুৰ অঞ্চল ।

এগৰাকী অতি কৰ্তব্যপৰায়ন আচাৰ্যৰ আকস্মিক বিয়োগত আচাৰ্য ভাৰতী ঢকুৱাখনা , শিশু শিক্ষা সমিতি অসম, নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ গিৰিন গগৈ , সম্পাদক হেমন্ত গগৈ , শিশু শিক্ষা সমিতিৰ গোগামুখ সংকুল ,ঢকুৱাখনা সংকুল আৰু লক্ষীমপুৰ বিভাগ , প্ৰান্তীয় সংগঠন , অসম গণ পৰিষদৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সম্পাদক সমুজ্জল চেতিয়া,  আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰিছে । লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে আত্মোৎস্বৰ্গী আচাৰ্য গৰাকীক নস্বৰ দেহ ঢকুৱাখনাত উপস্থিত হোৱাৰ পাছতে বিদ্যালয় প্ৰাঙ্গনলৈ আনি বিদ্যালয় পৰিয়ালে অন্তিম শ্ৰদ্ধাঞ্জলি জনাব বুলি জনা গৈছে ।

শংকৰদেৱ শিশু নিকেতন