ঝাৰখণ্ডৰ ৰাঞ্চীস্থিত বাসগৃহত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিক পি ভি ৰামানুজনৰ মৃতদেহ…

ঝাৰখণ্ডৰ ৰাঞ্চীস্থিত বাসগৃহত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিক পি ভি ৰামানুজনৰ মৃতদেহ…

author-image
asomiyapratidin
New Update
ঝাৰখণ্ডৰ ৰাঞ্চীস্থিত বাসগৃহত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিক পি ভি ৰামানুজনৰ মৃতদেহ…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ৰাঞ্চীত দীৰ্ঘদিন ধৰি প্ৰেছ ট্ৰাষ্ট ইণ্ডিয়া চমুকৈ পিটিআইৰ ব্যুৰ চীফ হিচাপে কৰ্মৰত জ্যেষ্ঠ সাংবাদিক পি ভি ৰামানুজনৰ মৃতদেহ বৃহস্পতিবাৰে তেওঁৰ বাসগৃহত লাভ কৰা হয়। মৃত্যু সময়ত ৰামানুজনে এৰি থৈ যায় পত্নী আৰু পুত্ৰক। ৫৫ বছৰীয়া বয়সীয়া সাংবাদিকগৰাকীয়ে প্ৰায় ৩৫ বছৰ ধৰি জড়িত হৈ আছিল পিটিআইৰ সৈতে।

Advertisment

ইফালে, আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। পৰিয়ালৰ লোকে জনোৱা মতে, শুকুৰবাৰে ৰাঞ্চীত সম্পন্ন কৰা হ'ব ৰামানুজনৰ অন্ত্যেষ্টিক্ৰিয়া। আনহাতে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাস সহ বিভিন্নজনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।