পশ্চিম কাৰ্বি আংলঙৰ জেংখাত 'প্ৰুথিমি আকেমাং ২.০'ৰ অধীনত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী

এই অনুষ্ঠানত অঞ্চলটোৰ শতাধিক খিলঞ্জীয়া পৰিয়ালক ভূমিৰ চৰকাৰী অধিকাৰ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য  ড° তুলিৰাম ৰংহাঙে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা হাৰলংচেবাত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক অভিলাষী পদক্ষেপ 'প্ৰুথিমি আকেমাং ২.০'  আঁচনিৰ অধীনত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত অঞ্চলটোৰ শতাধিক খিলঞ্জীয়া পৰিয়ালক ভূমিৰ চৰকাৰী অধিকাৰ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য  ড° তুলিৰাম ৰংহাঙে। 

উল্লেখ্য যে, জেংখাৰ হাৰলংচেবাত অনুষ্ঠিত আজিৰ এই সভাত স্থানীয় এমএচি আৰু পৰিষদৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। বক্তাসকলে উল্লেখ কৰে যে এই পট্টা বিতৰণে খিলঞ্জীয়া লোকসকলক এক সামাজিক আৰু অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰিব। লগতে, চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা ল'বলৈ এই পট্টাই বিশেষ সহায় কৰিব। 

এইখিনিতে উল্লেখ কৰাতো প্ৰয়োজন যে, যি সময়ত কাৰ্বি আংলঙত চৰণীয়া পথাৰ (VGR/PGR) উচ্ছেদ আৰু ভূমি বিবাদক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে, তেনে সময়ত খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ দিয়া এই পদক্ষেপে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলি ধাৰণা কৰা হৈছে।

পশ্চিম কাৰ্বি আংলং