অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে…’

অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে…’

author-image
asomiyapratidin
New Update
অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে…’

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক লৈ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লক্ষ্ণৌত কৰা মন্তব্যৰ পিছতে বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জেডিইউৰ উপাধ্যক্ষ প্ৰশান্ত কিশোৰে। বুধবাৰে পুৱা টুইটযোগে অমিত শ্বাহক সমালোচনা কৰা পৰিলক্ষিত হয় প্ৰশান্ত কিশোৰে।

Advertisment

উল্লেখ্য যে, মঙলবাৰে 'কা'ৰ সমৰ্থনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আয়োজিত বিজেপিৰ এক জনসভাত অংশ লৈ 'কা' বিৰুদ্ধে দেশজুৰি অব্যাহত থকা প্ৰতিবাদক স্পষ্ট উপলুঙা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 'কা'ক লৈ যিমানেই প্ৰতিবাদ নহওক কিয়, তথাপি এই আইন বাতিল নহয় বুলিও লক্ষ্ণৌৰ ভূমিৰ পৰা সদম্ভ ঘোষণা কৰিছিল শ্বাহে।

তাৰ পিছতে বুধবাৰে টুইটযোগে অমিত শ্বাহক আক্ৰমণ কৰে জেডিইউৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। তেওঁ টুইটত লিখিছে, 'নাগৰিকৰ অসহমতিক খাৰিজ কৰা কোনো চৰকাৰৰ ক্ষমতাৰ ইংগিত হ'ব নোৱাৰে। অমিত শ্বাহ জী, যদি আপুনি 'কা'-এনআৰচিৰ বিৰোধিতা কৰাসকলক গুৰুত্ব নিদিয়ে, তেন্তে আপুনি এনে ঘটনাক্ৰমৰ মাজেৰে কিয় আগবাঢ়িব পৰা নাই অথৱা 'কা' আৰু এনআৰজি বলবৎ কৰিবলৈ কিয় চেষ্টা কৰা নাই?'


— Prashant Kishor (@PrashantKishor) January 22, 2020

প্ৰণিধানযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ১৪০ খনৰো অধিক আবেদনৰ বুধবাৰে শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে। এই শুনানিকালত 'কা' গোচৰৰ শুনানিৰ বাবে সংবিধানিক বিচাৰপীঠ গঠনৰো ইংগিত দিয়ে ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে বুধবাৰৰ শুনানিত এই আইনখনৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদনৰ উত্তৰ ৪ সপ্তাহৰ ভিতৰত দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ জাননি প্ৰেৰণ কৰে।