কোচ ৰাজবংশী মহিলা সন্মিলনীৰ জাজৰি আঞ্চলিক সমিতি গঠন

কোচ ৰাজবংশী সন্মিলনীৰ জাজৰি আঞ্চলিকৰ সভাপতি দীগেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আজি কোচ ৰাজবংশী মহিলা সন্মিলনীৰ জাজৰি আঞ্চলিক সমিতি গঠন কৰা হয়।

author-image
Asomiya Pratidin
New Update
vfdgthghdgd

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জনজাতিকৰণৰ দাবীৰে সমগ্ৰ কোচ ৰাজবংশী লোকসকলে অব্যাহত ৰাখিছে আন্দোলনৰ কাৰ্যসূচী। "দীৰ্ঘদিন ধৰি চলা আন্দোলনৰ পাছত চৰকাৰৰ বঞ্চনাৰ বাবে এইবাৰ আৰু তীব্ৰতৰ হৈ পৰিব আন্দোলন" এই মন্তব্য কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলাৰ সভাপতি প্ৰভাত বৰাৰ।

বুধবাৰে জাজৰিত অনুষ্ঠিত কোচ ৰাজবংশী মহিলা সন্মিলনী গঠনৰ এখন সভাত উপস্থিত থাকি তেখেতে এই মন্তব্য প্ৰদান কৰে। কোচ ৰাজবংশী সন্মিলনীৰ জাজৰি আঞ্চলিকৰ সভাপতি দীগেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আজি কোচ ৰাজবংশী মহিলা সন্মিলনীৰ জাজৰি আঞ্চলিক সমিতি গঠন কৰা হয়।

সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি জিলা সমিতিৰ কাৰ্যনিবাহৰ সদস্য তিলক ডেকা আৰু কুশল চন্দ্ৰ বৰাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত বন্দনা বৰুৱাক সভানেত্ৰী, জোনালী বৰাৰ সম্পাদিকা হিচাপে লৈ ৫১ জনীয়া জাজৰি আঞ্চলিক কোচ ৰাজবংশী মহিলা সন্মিলনীখন গঠন কৰা হয়। নৰেন বৰা, টুলুক বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত বীৰ চিলাৰায় আৰু শিল্প জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কোচ ৰাজবংশী