কোকৰাঝাৰ কাণ্ডত নিহতৰ আত্মীয়ক পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান

ইয়াৰ পিছতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কাৰিগাঁওৰ সুনীল মুৰ্মুৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পিতৃ ফাটে মুৰ্মুৰ হাতত আনুষ্ঠানিকভাৱে পাঁচ লাখ টকাৰ চেক এককালীন সাহায্য হিচাপে আগবঢ়ায়।

author-image
Asomiya Pratidin
New Update
grfterrerewew

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণৰ পিছতে কোকৰাঝাৰ কাণ্ডত নিহত হোৱা চিকনা জৌহৌলাও বিস্মিতৰ পত্নী দৈমুতী বসুমতাৰীক কোকৰাঝাৰ সদৰ চহৰস্থিত পিতৃগৃহত উপস্থিত হৈ আনুষ্ঠানিকভাৱেপাঁচ লাখ টকাৰ এককালীন সাহায্য আগবঢ়ায়। 

ইয়াৰ পিছতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কাৰিগাঁওৰ সুনীল মুৰ্মুৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পিতৃ ফাটে মুৰ্মুৰ হাতত আনুষ্ঠানিকভাৱে পাঁচ লাখ টকাৰ চেক এককালীন সাহায্য হিচাপে আগবঢ়ায় । তদুপৰি মন্ত্ৰীগৰাকীয়ে কাৰিগাঁওৰ আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰে আৰু কাৰিগাঁও হাইস্কুলত বড়ো আৰু আদিবাসী উভয় সম্প্ৰদায়ৰ লোকৰ সতে মত বিনিময় কৰে। 

এই অনুষ্ঠানৰ অন্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, শান্তিৰ পৰিৱেশ এতিয়া ঘূৰি আহিছে আৰু সকলোৱে নিজ নিজ ঘৰলৈ ঘূৰি যাব বিচাৰিছে। ইতিমধ্যে নিহতৰ নিকটাত্মীয় পাঁচ লাখকৈ আৰু আহতক এক লাখকৈ আৰ্থিক এককালীন সাহায্য দিয়া হ'ল বুলি মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই। লগতে ৪৬ টা ক্ষতিগ্ৰস্থ গৃহ নিৰ্মাণৰ বাবদো ৫০ হেজাৰ টকাকৈ দিয়া হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। 

ইয়াৰোপৰি পশুধন তথা অইন ক্ষয়- ক্ষতিৰ বিষয়ে জিলা আয়ুক্তই পৰৱৰ্তী পৰ্যায়ত পৰ্যালোচনা কৰিব বুলি মন্তব্য কৰি খুব সোনকালে স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাত কোকৰাঝাৰবাসী লৈ মন্ত্ৰী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।আনহাতে, সকলো স্বাভাৱিক হোৱাৰ দিশলৈ চাই আজিয়েই ইণ্টাৰনেট খোলাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

উল্লেখ্য যে, মন্ত্ৰীগৰাকীৰ সতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিধায়ক লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট লোক উপস্থিত আছিল। প্ৰণিধানযোগ্য যে, ইতিমধ্যে ৪ টা আশ্ৰয় শিবিৰৰ লোক সকল নিজ নিজ ঘৰলৈ উভতি গৈছে আৰু আজি কাৰিগাঁও আশ্ৰয় শিবিৰৰ লোকসকলো উভতি যোৱাৰ সম্ভাৱনা আছে।

কোকৰাঝাৰ