/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5cf04c9-3f19-48ac-b125-c99c3a8b7942/dff.jpg)
ডিজিটেল ডেস্ক: মঙলবাৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত ব্যক্তিগত খণ্ডৰ আইটিআইৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ আইটিআইসমূহে পৰিচালনা আৰু কাৰ্য সম্পাদনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে |
বৈঠকত মন্ত্ৰী বৰুৱাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আইটিআইৰ জৰিয়তে কেৰিয়াৰ গঢ় দিব বিচৰা সকলোৰে বাবে দক্ষতাৰ প্ৰশিক্ষণ উপলব্ধ হোৱাকৈ আই টি আইসমূহে প্ৰতিটো উন্নয়ন খণ্ড পৰ্যায়লৈকে গৈ কাম কৰাতো বিচাৰিছে।
মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে , নতুন শিক্ষা নীতিৰ নিয়ম অনুসৰি দক্ষতা শিক্ষাক প্ৰাথমিক প্ৰাধান্য দিয়াতো উচিত আৰু সেয়ে অসম চৰকাৰে দক্ষতা শিক্ষাৰ সৈতে জড়িত প্ৰতিটো দিশ শক্তিশালী কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে।
মন্ত্ৰী বৰুৱাই কয় যে, "কাৰিকৰী শিক্ষাৰ মানদণ্ড শক্তিশালী কৰাৰ বাবে ইতিমধ্যে টাটা, এল এণ্ড টি আদি বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে বুজাবুজি চুক্তিস্বাক্ষৰ কৰা হৈছে।" ব্যক্তিগত আইটিআই সমূহক অধিক সবল কৰাৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কয় যে, "অতি শীঘ্ৰেই অসমত এক নতুন নীতি ৰূপায়ণ কৰা হ'ব আৰু দক্ষতা শিক্ষা খণ্ডত কাম কৰি থকা সকলো লোকক মই ব্যক্তিগতভাৱে আমন্ত্ৰণ জনাম|"
ইয়াৰোপৰি, তেওঁ উল্লেখ কৰে যে এই দিশত এখন কমিতি ইতিমধ্যে গঠন কৰা হৈছে আৰু ১৫ দিনৰ পিছত সংশ্লিষ্ট সকলোৱে আইটিআই পৰিচালনা, নতুন আইটিআই নিৰ্মাণৰ বাবে পৰ্যাপ্ত স্থান বিচাৰি উলিওৱা আদি সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰদান কৰিব । তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত চৰকাৰে ব্যক্তিগত খণ্ডৰ আইটিআইসমূহক প্ৰদান কৰিব লগা প্ৰয়োজনীয়তা যেনে, আন্তঃগাঁথনিমূলক ব্যৱস্থা, প্ৰয়োজনীয় ভূমি আৰু মূলধন আদিৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰিব |
আজিৰ এই বৈঠকত অসম চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, কস্তুৰী ভৰালী, ডিইচিটি, হানিফ নুৰানী, অসম চৰকাৰৰ যুটীয়া সচিব (চিড) আৰু বিভাগটোৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে |