/asomiyapratidin/media/media_files/2025/10/19/jkyhj-2025-10-19-22-55-42.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়াৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গে এই ধৰাৰ পৰা মেলানি মগাৰ আজি এমাহ সম্পূৰ্ণ হোৱাৰ ক্ষণত নলবাৰী চহৰৰ মাজমজিয়াত নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ নগৰীয়া বন উদ্যান থলীত বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অংশ লয়।
মন্ত্ৰী বৰুৱাই কাৰ্যসূচীত অংশ লৈ কয়— সম বয়সীয়া মানুহৰ স্মৃতিচাৰণ কৰাটো অত্যন্ত দুখজনক, অত্যন্ত কষ্টকৰ। অকালতে মানুহ হেৰাই গ'লে তাৰ বেদনা ব্যক্ত কৰাটো সম্ভৱ নহয়। কলেজীয়া জীৱনত সাংগীতিক যাত্ৰাৰ আৰম্ভণিৰ পৰাই মই জুবিন গাৰ্গৰ সৈতে খুবেই ঘনিষ্ঠ। জুবিন গাৰ্গৰ অনন্য প্ৰতিভা আমি তেতিয়াই উপলব্ধি কৰিছিলোঁ। অকালতে হেৰাই যোৱা এই অনন্য প্ৰতিভা, স্মৃতি, অৱদানসমূহ যুগমীয়া কৰাৰ বাবে আমি দায়বদ্ধ। জুবিন গাৰ্গৰ ঘনিষ্ঠ তথা অনুৰাগীসকলৰ সৈতে আমি আলোচনা কৰি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/19/whatsapp-image-2025-2025-10-19-22-56-12.jpeg)
উল্লেখ্য যে, জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ এক প্ৰয়াস হিচাপে প্ৰায় ৮ বিঘা ভূমিত 'মায়াবিনী' শীৰ্ষক নগৰীয়া বন উদ্যান স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নগৰীয়া বন উদ্যানতে জনতাৰ শিল্পীগৰাকীৰ এটি পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। তদুপৰি নলবাৰীৰ পূৰ্বভাৰতী সংগ্ৰহালয়ত জুবিন গাৰ্গৰ গীতসমূহৰো সংৰক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। আজিৰ কাৰ্যসূচীত এখন সোঁৱৰণী গ্ৰন্থও উন্মোচন কৰা হয়।
প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ তথা জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাৰ সুদীৰ্ঘকালৰ সংগী দিগন্ত ভাৰতীসহ যথেষ্টসংখ্যক ব্যক্তি উপস্থিত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী বৰুৱাই জুবিন গাৰ্গৰ অকাল বিয়োগৰ তদন্ত প্ৰক্ৰিয়াত আস্থা ৰাখিবলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গঠিত এছআইটিয়ে তৎপৰতাৰে তদন্ত চলাই আছে, জুবিন গাৰ্গৰ শেষ সময়ছোৱাত কি ঘটিছিল, সেই সকলো তথ্য যাতে সুচাৰুৰূপে ওলাই পৰে, তাৰ বাবে ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা ৰাখিবলৈ সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us