/asomiyapratidin/media/media_files/2025/09/07/whatsapp-im-2025-09-07-18-48-34.jpeg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত দেওবাৰে উপস্থিত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অহা ১৪ ছেপ্টেম্বৰত মঙলদৈত অনুষ্ঠিত হবলগীয়া প্ৰধানমন্ত্ৰীৰ সভাৰ বুজ লবলৈ মঙলদৈত উপস্থিত হয় মন্ত্ৰীগৰাকী।
প্ৰায় ডেৰ লক্ষাধিক লোক উপস্থিত থাকিবলগীয়া সভাখনত দৰং চিকিৎসা মহাবিদ্যালয়ৰ, নাৰ্চিং ট্ৰেইনিং কলেজ, কুৰুৱা নাৰেঙ্গী দলং, ৰিং ৰড'ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে প্ৰস্তুতি পূৰ্ণপৰ্যায়ত চলি আছে বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে।
ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জুবিন গাৰ্গ সন্দৰ্ভটো পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে, "ইউথ ফেষ্টিভেলৰ পৰাই আমাৰ দৰে প্ৰডাক্ট বিলাক ওলাইছোঁ। মই এজন ডিবেটৰ হিচাবে ওলাইছিলো। এই ডিবেটৰ জনেই গৈ আজি অসমৰ মন্ত্ৰী হৈছে। সেই ইউথ ফেষ্টিভেলৰ পৰাই সোণৰ পদক পায় জুবিন গাৰ্গ ওলাইছিল। সেই জুবিন গাৰ্গ আজি অসমৰ নয়নৰ মণি হৈ আছে। তেতিয়া জুবিনৰ অনামিকা নামৰ এলবামটোও ওলোৱা নাছিল। মই এইখিনি কৈছিলোঁ কিন্তু মোৰ কোৱাখিনিক কোনোবাই অলপ মছলা লগাই উলিয়াই দিছে" বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া, জিলা বিজেপিৰ সভাপতি মুকুণ্ড ডেকা, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ল লগতে জিলা বিজেপিৰ কৰ্ম কৰ্তা সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us