/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/50e8b52a-d65b-4833-965f-423d09bc9add/jmb.jpg)
JAYANTA MALLA BARUAH
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত শুকুৰবাৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত হৈ এক দলীয় সভাত অংশগ্ৰহণ কৰে । মূলত অহা ৮ অক্টোবৰত গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি হ'বলগীয়া অনুষ্ঠানত কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যকৰ্তা সকলে কেনেদৰে অংশগ্ৰহণ কৰিব তাক লৈ বড়োলেণ্ড অতিথিশালাত আলোচনা হয় ।
মন্ত্ৰী বৰুৱাই বিজেপিৰ ৰাজ্যিক কাৰ্যালয় মুকলি অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব বুলি সদৰি কৰিছে । উক্ত অনুষ্ঠানত বুথ পৰ্যায়ৰ সভাপতিৰ পৰা সকলো পৰ্যায়ৰ কাৰ্যকৰ্তা উপস্থিত থাকিব বুলিও সদৰি কৰে জয়ন্ত মল্ল বৰুৱাই ।
অন্যহাতে কোকৰাঝাৰ পৰা জয়ন্তমল্ল বৰুৱা ধুবুৰীলৈ গৈ শোকাৱহ নাও দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিব বুলি জানিব পৰা গৈছে ।