/asomiyapratidin/media/media_files/2026/03/09/jayantattaaa-2026-03-09-17-36-34.jpg)
ডিজিটেল ডেস্কঃ সমুখত বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনৈতিক দল তথা নেতাই নিজৰ নিজৰ নিৰ্বাচনী অংক মিলোৱাত ব্যস্ত হৈ পৰিছে। মিত্ৰতাৰ জখলা বগাই একাংশই পচন্দৰ সমষ্টি বিচাৰিছে, একাংশই আকৌ পূৰণি দলবোৰ এৰি নতুন দলত অংশগ্ৰহণ কৰিছে।
মুঠৰ ওপৰত অসমত এতিয়া কেৱল নিৰ্বাচন আৰু ৰাজনীতিৰ বতাহ বলা পৰিলক্ষিত হৈছে। তাৰমাজতে শুকুৰবাৰে অসম গণ পৰিষদৰ বিত্ত সম্পাদকৰ দায়িত্বত থকা জয়ন্ত খাউণ্ডে দলটোৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে।
দলত্যাগ কৰাৰ দুটা দিন পাছতে অৰ্থাৎ সোমবাৰে জয়ন্ত খাউণ্ডে উৰা মাৰে নতুন দিল্লীলৈ। খাউণ্ডৰ লক্ষ্য এটাই- ইন্দিৰা ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে বৈঠকত মিলিত হৈ দলটোত যোগদানৰ সন্দৰ্ভত আলোচনা কৰিব।
জয়ন্ত খাউণ্ডৰ আশা ৰঙানদী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ সৈতে কৰা বৈঠকৰ অন্তত কংগ্ৰেছত যোগদান কৰে খাউণ্ডে।
ইফালে, জয়ন্ত খাউণ্ডে অসম প্ৰদেশ কংগ্ৰেছ আৰু এআইচিচিৰ নেতৃত্বৰ উপস্থিতিত দলটোত যোগদান কৰাৰ পাছতে সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত গৌৰৱ গগৈয়ে মন্তব্য কৰে যে- হিমন্ত বিশ্ব শৰ্মাক অসমে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে।
উল্লেখ্য যে, বিজেপি আৰু অগপৰ মাজত সমষ্টি ভগোৱাৰ সময়ত ৰঙানদী সমষ্টিটো বিজেপিক এৰি দিয়া বুলি চৰ্চা চলিছে। এই ৰঙানদী বিধানসভা সমষ্টিৰেই দাবীদাৰ আছিল জয়ন্ত খাউণ্ড। অগপৰ হাতত এই সমষ্টিটো নথকাৰ বাবেই খাউণ্ডে অসম গণ পৰিষদ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা বুলিও সন্দেহ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ ৰঙানদী বিধানসভা সমষ্টিটো বিজেপিৰ নে অগপৰ হাতত থাকিব সেই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us