/asomiyapratidin/media/media_files/2026/01/10/ujjddd-2026-01-10-19-19-08.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ সফলতাৰ অন্তত আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত গুৱাহাটীত এই অভিযান আৰম্ভ হৈছে। গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অভিযানত আজি প্ৰথম দিনা প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।
নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকে মহানগৰীৰ কহুৱা বন ৰিজৰ্টত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। তাৰ পিছতে শীৰ্ষ নেতৃত্বৰে গঠিত প্ৰদেশ কংগ্ৰেছৰ দলটোৱে সাদিন- প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি দিহা-পৰামৰ্শ গ্ৰহণ কৰে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈকে আদি কৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই জয়ন্ত বৰুৱাৰ সৈতে ভিন্ন দিশক লৈ আলোচনা কৰে। আগন্তুক নিৰ্বাচনৰ লগতে অসমৰ সামগ্ৰিক পৰিৱেশ-পৰিস্থিতি আৰু ভিন্ন সমস্যাৰাজিক লৈ অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীৰ পৰা পৰামৰ্শও গ্ৰহণ কৰে কংগ্ৰেছৰ এই প্ৰতিনিধিৰ দলটোৱে।
কংগ্ৰেছৰ এই প্ৰতিনিধি দলটোৱে অসমীয়া প্ৰতিদিনে ৰাজ্যৰ জলন্ত সমস্যাসমূহ দাঙি ধৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিৰ শলাগ লয়। কংগ্ৰেছে আগন্তুক সময়ত অসমৰ সমস্যা আৰু জনগণৰ পক্ষত থিয় দি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও অৱগত কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এই অভিযানৰ জৰিয়তে পৰ্যায়ক্ৰমে কংগ্ৰেছৰ নেতাসকলৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ গৈ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে আগন্তুক সময়ত কংগ্ৰেছৰ স্থিতিৰ সন্দৰ্ভতো অৱগত কৰিব।
বিয়লিৰ ভাগত দলটোৱে বিশেষ বাছেৰে নুনমাটি আৰু বামুণীমৈদামৰ বজাৰত সাধাৰণ জনতাৰ সৈতে ইস্তাহাৰ সম্পৰ্কে মত-বিনিময় কৰে আৰু মনৰ বুজ লয়। অহা দেওবাৰে এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইফালে, ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ মাজতে দেওবাৰে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us