/asomiyapratidin/media/media_files/2026/01/10/judjjdjd-2026-01-10-19-40-11.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সাক্ষাৎ কৰে অসম সাহিত্য সভাৰ এটি সজাঁতি দলে। চানমাৰিস্থিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত প্ৰতিনিধি দলটো উপস্থিত গৈ জয়ন্ত বৰুৱাক এখনি ফুলাম গামোচাৰে সম্ভাষণো জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/d46fe8cb-1f52-4cd3-9a73-1c6ebc07e9ce-2026-01-10-19-39-14.jpeg)
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশনৰ বাবে দিহা-পৰামৰ্শ বিচাৰি দলটোলে সাক্ষাত কৰিছিল অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীক। এই প্ৰতিনিধি দলটোৱে জয়ন্ত বৰুৱাক এই অধিৱেশন খনিৰ উপদেষ্টাৰ আসন অলংকৃত কৰিবলৈ আহ্বান জনাই এখনি পত্ৰ প্ৰদান কৰে।
সাহিত্য সভাৰ ভিন্ন পদবীত কাৰ্যনিবাহ কৰা এই ৬জনীয়া প্ৰতিনিধি দলটোৱে জয়ন্ত বৰুৱাক উক্ত অধিৱেশনলৈ আমন্ত্ৰণ জনায়। অসমীয়া প্ৰতিদিনৰ সম্পাদক গৰাকীয়েও সাহিত্য সভাৰ শেহতীয়া কাৰ্যকলাপক লৈ সন্তুষ্টি ব্যক্ত কৰাৰ লগতে সভাৰ প্ৰতিটো কামত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। এই প্ৰতিনিধি দলটোত আছিল অধিৱেশনৰ সাধাৰণ সম্পাদক বিজু দেৱী, কাৰ্যকৰী সভাপতি বাসৱ চন্দ্ৰ কলিতা আৰু সভাপতি ড০ হীৰালাল বৰা।
প্ৰনিধানযোগ্য যে, অহা ৩১ জানুৱাৰীৰ পৰা ৩ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ দ্বাদশ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন। পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই অধিৱেশনখনি।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/8d209c23-0513-41ac-8037-3e62807cb74f-2026-01-10-20-04-41.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us