/asomiyapratidin/media/media_files/2025/12/04/whatsapp-image-2025-12-04-15-59-11.jpeg)
ডিজিটেল ডেস্কঃ বহু সময়ত সামাজিত মাধ্যমত জয়া বচ্চনে কেমেৰা দেখিললেই খং কৰা দৃশ্য বহু চৰ্চিত হৈ পৰে। জয়া বচ্চনে প্ৰায়ে ফটোগ্ৰাফাৰক তুচ্ছ-তাচ্ছিল্য কৰাও দেখা যায়। তেওঁ এনে ভিডিঅ’ সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত। ইপিনে জয়াৰ এই আচৰণক লৈ বহু প্ৰশ্ন উত্থাপন হোৱা দেখা যায়। এতিয়া প্ৰশ্ন যে কিয় ফটোগ্ৰাফাৰ বা ভিডিঅ’গ্ৰাফাৰক দেখিলে এনে আচৰণ কৰে জয়া বচ্চনে।
/asomiyapratidin/media/post_attachments/wp-content/uploads/2016/09/angry-jaya-bachchan-793313.jpg)
শেহতীয়াকৈ সাক্ষাৎকাৰত জয়া বচ্চনে উল্লে কৰিছে যে, মই এগৰাকী সাংবাদিকৰ কন্যা। এজন সাংবাদিক কেনেকুৱা হয় মই জানো। লেতেৰা কাপোৰ পিন্ধি, হাতত চাৰিটা ফোন লৈ, আজেবাজে প্ৰশ্ন কৰিলে সাংবাদিক হৈ নাযায়। তেওঁলোকক সাংবাদিক বুলি কেনেকৈ ক’ব পাৰি নিজেই ভাৱক।তেওঁলোকে মোৰ বিষয়ে যিয়ে নকওঁক কিয়, মই তেওঁলোকক পছন্দ নকৰোঁ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-imag-2025-12-04-15-57-51.jpeg)
উল্লেখ্য য, জনপ্ৰিয় সাংবাদিক তৰুণ কুমাৰ ভাদুৰীৰ কন্যা জয়া বচ্চন। দেউতাকক অনুসৰণ কৰিয়ে জয়া ডাঙৰ হৈছে। সেইবাবেই জয়া বচ্চনে বৰ্তমানৰ পাপাৰাজী সমূহক বেয়া পায়। হয়টো এনেবোৰ কাৰণতে তেওঁ পাপাৰাজীৰ প্ৰতি এনে আচৰণ কৰা দেখা পৰিলক্ষিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-image-2025-12-04-15-58-04.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us