ঘাঁহীত জাতীয় শ্বহীদ পৰিয়াল ঐক্যমঞ্চৰ নগাঁও জিলা সমিতিৰ বৰ্ধিত সাধাৰণ সভা

জাতীয় শ্বহীদ পৰিয়াল ঐক্যমঞ্চৰ নগাঁও জিলা সমিতিৰ বৰ্ধিত সাধাৰণ সভাখন দেওবাৰে বেবেজীয়াৰ সমীপৰ ঘাঁহী পঞ্চদেৱ তীৰ্থ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
swassa

ডিজিটেল সংবাদ, বেবেজীয়া: জাতীয় শ্বহীদ পৰিয়াল ঐক্যমঞ্চৰ নগাঁও জিলা সমিতিৰ বৰ্ধিত সাধাৰণ সভাখন দেওবাৰে বেবেজীয়াৰ সমীপৰ ঘাঁহী পঞ্চদেৱ তীৰ্থ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। প্ৰাক্তন আছু নেতা পংকজ ডেকাই সভাখনত সভাপতিত্ব কৰে। সভাখনত ভাষণ প্ৰদান কৰি জাতীয় শ্বহীদ পৱিত্ৰ জমিদাৰৰ ভাতৃ পূণ্যবান জমিদাৰে আলোচনা পন্থী আলফা নেতাসকলক সমালোচনা কৰে। 

তেওঁ কয়, " আলফাৰ আন্দোলনখনত একাংশ তেজাল যুৱক শ্বহীদ হ'ল আৰু একাংশই ইয়াৰ সুবিধা লৈ ভোগ বিলাসত মত্ত হ'ল। যি সকলে এই সংগ্ৰামখনৰ নেতৃত্ব দিছিল তেওঁলোক আলোচনাৰ মজিয়ালৈ গৈছে, ই ভাল কথা। কিন্তু আলোচনাপন্থী আলফা নেতা সকলে এই সংগ্ৰামখনত শ্বহীদ হোৱা সকলৰ পৰিয়ালৰ খবৰ লোৱাৰ নূন্যতম সৌজন্যতাকণো দেখুওৱা নাই।" 

তেওঁ অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ইনাৰ লাইন পাৰ্মিট থকা আদি বিষয়বোৰত আলোচনাপন্থী শীৰ্ষ আলফা নেতাসকলে কিয় মাত নামাতে বুলিও প্ৰশ্ন কৰে। ইফালে, সভাখন সভাপতিত্ব কৰা জাতীয় শ্বহীদ জিতু ডেকাৰ ভাতৃ পংকজ ডেকাই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ পৰবৰ্তী সময়ত চৰকাৰৰ তৰফৰ পৰা আলফা শ্বহীদ সকলৰ পৰিয়ালৰ বাবে আগবঢ়োৱা সাহায্যৰ ধনৰ ক্ষেত্ৰত বৈষম্য কৰাৰ বুলি অভিযোগ কৰে। 

তেওঁ কয়, " ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত হোৱা চুক্তি মৰ্মে সীমিত সংখ্যক শ্বহীদ পৰিয়ালক ১০ লাখ টকাকৈ সাহায্য আগবঢ়াইছিল। একেখন চুক্তিৰ আধাৰত অন্য বহু সংখ্যক শ্বহীদ পৰিয়ালৰ ক্ষেত্ৰত আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ধন বিচৰা নাই। কিন্তু এই বৈষম্য কিয়। বহু আলফা শ্বহীদৰ পৰিয়াল, পত্নী- পুত্ৰই আজিৰ তাৰিখত অৰ্থৰ অভাৱত দুৰ্বিষহ জীৱন কটাইছে। ইয়াৰ বিপৰীতে একাংশই বিলাসী জীৱন কটাইছে। এই বৈষম্য উচিত নহয়। এই দিশত আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতৃত্বই বিশেষ গুৰুত্ব প্ৰদান কৰা নাই।" 

সভাখনত ভাষণ প্ৰদান কৰি শ্বহীদ পিকু শইকীয়াৰ ভাতৃ বিজয় বৰা, শ্বহীদ বিৰিঞ্চি গগৈৰ ভগ্নী মৃনালী গগৈ, শ্বহীদ কণ ভাইটিৰ ভাতৃ মহীকান্ত ভৰালী আদিয়েও আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াকে প্ৰমুখ্যে আন সকলকো সমালোচনা কৰে। সভাখনত লেখক-সাংবাদিক সাংবাদিক দেৱজিৎ হাজৰিকা, সাংবাদিক চন্দনজ্যোতি বৰাইও ভাষণ প্ৰদান কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদ সকলৰ দৰে আলফাৰ শ্বহীদ সকলৰো স্মৃতি যুগমীয়া কৰিবৰ বাবে স্মাৰক নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট পক্ষক আহ্বান জনায়। 

সাংবাদিকদ্বয়ে কয় যে, যদিও এইসকল যুৱকৰ পথ ভুল আছিল, তথাপিও তেওঁলোকৰ জাতিৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি থকা প্ৰেম তথা আত্মত্যাগক অস্বীকাৰ কৰিব নোৱাৰি। সেয়ে তেওঁলোকক স্মৃতিও ধৰি ৰখা উচিত। সভাৰ পূৰ্বে শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে শ্বহীদ হিৰেন্দ্ৰ ৰাজবংশীৰ ভাতৃ চিদানন্দ ৰাজবংশীয়ে। 

উল্লেখযোগ্য যে, সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত- জাতীয় শ্বহীদ সকলৰ পৰিয়াললৈ চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্যৰ ক্ষেত্ৰত বৈষম্য নকৰা আৰু সকলো শ্বহীদ পৰিয়ালক সম মৰ্যাদা প্ৰদান কৰাৰ আহ্বান, জাতীয় শ্বহীদ সকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে শ্বহীদ স্মাৰক নিৰ্মাণৰ ব্যৱস্থা কৰা তথা এইক্ষেত্ৰত মাটি বিচৰা, শ্বহীদ সকলৰ পৰিয়ালৰ বিপদৰ সময়ত সহায়ৰ উদ্দেশ্যে পুঁজি গঠন কৰা, অসমৰ বিভিন্ন জিলাত থকা আলফা শ্বহীদ সকলৰ পৰিয়ালক একত্ৰিত কৰা, ৯০ দশকত শ্বহীদ হোৱা সময়ত অসমৰ দল সংগঠন, নেতা, সাংবাদিক যিসকলে শ্বহীদ পৰিয়ালৰ খবৰ লৈছিল তেনে লোকসকলৰ মতামত গ্ৰহণ আদি।

নগাঁও