/asomiyapratidin/media/media_files/2025/11/18/256-2025-11-18-21-16-58.jpg)
ডিজিটেল সংবাদ, সোণাপুৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটো অগপৰ কেন্দ্ৰীয় সমিতিয়ে জাতীয় স্বাভিমান দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে পালন কৰিছে। এই দিৱস উপলক্ষে ১৮ নৱেম্বৰ মঙলবাৰে সোণাপুৰৰ নৰতাপ লক্ষীমন্দিৰ ৰঙ্গ মঞ্চত অগপৰ ডিমৰীয়া বিধান পৰিষদে কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কেক কাটি জন্মদিন উদযাপন কৰে ৰাইজে । ইয়াৰ পিছত মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। পিছত অনুষ্ঠিত হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
এই অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সাংবাদিক তথা লেখক দেবেন বৰুৱাক "'কিতাপৰ বন্ধু'' আৰু সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বিপুল বৰাক'' প্ৰকৃতিৰ বন্ধু" উপাধি দি সম্বৰ্ধনা জনোৱা হয়। জনাকীৰ্ণ অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে সোণাপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ধৰ্ম্মৰাম ডেকাই।
অনুষ্ঠানটোত অধ্যাপিকা ড° মৃদুস্মৃতি মহন্ত, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ড° তপন দাসেকে মুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us