/asomiyapratidin/media/media_files/2026/01/21/japanexpmassisnatio-2026-01-21-17-42-57.jpg)
ডিজিটেল ডেস্কঃ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিঞ্জো আবেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে। জাপানৰ নাৰা চহৰৰ জিলা ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তিনি বছৰ পূৰ্বে নাৰা চহৰতেই গুলীয়াই হত্যা কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি হয়।
জাপানৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি, হস্তনিৰ্মিত পিষ্টলেৰে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গুলীয়াই হত্যা কৰা ঘটনাক অতি ঘৃণনীয় আৰু দুৰ্ভাগ্যজনক বুলি কয় ন্যায়াধীশে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জিলা ন্যায়ালয়ে ৪৫ বছৰ বৰ্ষৰ তেতছুয়া য়ামাগামীয়ে হত্যা কৰিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। দেশখনত সৰ্বাধিক সময়ৰ বাবে সেৱা আগবঢ়োৱা নেতা আছিল শ্বিঞ্জো আবে।
২০২২চনৰ ৮ জুলাইত নাৰাৰ ৰেল ষ্টেচনৰ বাহিৰত এক সভাত ভাষণ দি থকা সময়ত য়ামাগামীয়ে হত্যা কৰিছিল আবেক। মঞ্চত ভাষণ দি থকা সময়ত আবেক গুলীয়াইছিল হত্যাকাৰী য়ামগামীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us