/asomiyapratidin/media/media_files/2025/09/13/9fe1376f-ed20-4056-824d-6ceb40b5e4bb-2025-09-13-09-03-22.jpeg)
ডিজিটেল ডেস্কঃ বৃদ্ধ জনসংখ্যাৰ ক্ষেত্ৰত জাপানে এক অনন্য অভিলেখ গঢ়ি তুলিছে। জাপান চৰকাৰে ঘোষণা কৰিছে যে দেশত ১০০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ সংখ্যাই অভিলেখ সৃষ্টি কৰি হৈছেগৈ প্ৰায় এক লাখ। যোৱা শুকুৰবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি একেৰাহে ৫৫ সংখ্যক বছৰৰ বাবে অভিলেখ গঢ়ি ছেপ্টেম্বৰ পৰ্যন্ত জাপানত শতবৰ্ষীয় লোকৰ সংখ্যা ৯৯,৭৬৩ গৰাকী হৈছেগৈ। এই মুঠ সংখ্যাৰ ভিতৰত ৮৮ শতাংশই হৈছে মহিলা।
বিশ্বৰ ভিতৰতে জাপানী লোকৰ আয়ুস সবাতোকৈ দীঘলীয়া। জাপান বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিৰ বাসস্থান বুলি জনা যায়। সমগ্ৰ বিশ্বতে ১০০ বছৰ জীয়াই থকা লোকৰ প্ৰকৃত সংখ্যাৰ ওপৰত বিভিন্ন দাবী উত্থাপন হৈছে। বহু গৱেষণাই এই সংখ্যাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কিছু প্ৰশ্নৰ পিছতো দীৰ্ঘদিন জীয়াই থকাৰ ক্ষেত্ৰত জাপান শীৰ্ষত আছে।
জাপানৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজন হৈছে শ্বিগেকো কাগাৱা, তেওৰ বয়স ১১৪ বছৰ। চিকাগোৰ নাৰা চহৰৰ ইয়ামাটোকোৰিয়ামাৰ বাসিন্দা। আটাইতকৈ বয়সীয়াল মানুহজন হৈছে উপকূলীয় চহৰ ইৱাটাৰ ১১১ বছৰীয়া কিয়োটাকা মিজুনো। ১০০বছৰ অতিক্ৰম কৰা জাপানৰ ৮৭,৭৮৪গৰাকী মহিলা আৰু ১১,৯৭৯গৰাকী পুৰুষক অভিনন্দন জনায় জাপানৰ স্বাস্থ্যমন্ত্ৰীয়ে।
উল্লেখ্যে যে, ১৫ ছেপ্টেম্বৰত জাপানৰ জ্যেষ্ঠ নাগৰিক দিৱসৰ পূৰ্বে প্ৰকাশ কৰা হৈছে জাপানৰ বৃদ্ধ লোকৰ এই তথ্য। ১৯৬০ চনত জাপানৰ জনসংখ্যাৰ ভিতৰত ১০০ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ অনুপাত আন যিকোনো জি-৭ দেশতকৈ কম আছিল। তাৰ পিছৰ দশকবোৰত সেই কথা দ্ৰুতগতিত সলনি হ’ল। ১৯৬৩ চনত যেতিয়া জাপান চৰকাৰে শতবাৰ্ষিকী সমীক্ষা আৰম্ভ কৰিছিল তেতিয়া ১০০ বছৰ বা তাতকৈ অধিক বয়সৰ ১৫৩ জন লোক আছিল। ১৯৮১ চনত এই সংখ্যা ১০০০ আৰু ১৯৯৮ চনত ১০ হাজাৰলৈ বৃদ্ধি পায়।
জাপানৰ আয়ুস বৃদ্ধিৰ মূল কাৰণ হৃদৰোগ আৰু সাধাৰণ প্ৰকাৰৰ কেন্সাৰ বিশেষকৈ স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ ফলত হোৱা লোকৰ মৃত্যু কম। জাপানত মেদবহুলতাৰ হাৰ কম, যিটো দুয়োটা ৰোগৰ প্ৰধান কাৰণ। বিশেষকৈ মহিলাৰ মাজত মেদবহুলতাৰ হাৰ কম। ইয়াৰ ফলত জাপানী মহিলাৰ আয়ুস তেওঁলোকৰ পুৰুষতকৈ বেছি হয়।
বিবিচিৰ প্ৰতিবেদন অনুসৰি বিগত দশকবোৰত বিশ্বৰ বাকী অংশত চেনি আৰু নিমখৰ ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছে। জনস্বাস্থ্যৰ বাৰ্তাৰ জৰিয়তে জাপানে মানুহক নিমখৰ পৰিমাণ হ্ৰাস কৰিবলৈ সফলভাৱে বুজাইছে। খাদ্যক লৈ জাপানী লোকসকল বৃদ্ধ বয়সত সক্ৰিয় হৈ থাকে। ইয়াৰ মানুহে আমেৰিকা আৰু ইউৰোপৰ বৃদ্ধ লোকসকলতকৈ বেছি খোজকাঢ়ি যায় আৰু ৰাজহুৱা পৰিবহণ অধিক ব্যৱহাৰ কৰে।
১৯২৮ চনৰ পৰাই দৈনিক গোটৰ অনুশীলন ৰেডিঅ’ টাইছ’ জাপানী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। এইটো জনস্বাস্থ্যৰ লগতে সম্প্ৰদায়ৰ মনোভাৱৰ প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। তিনি মিনিটৰ এই অনুষ্ঠানটো টেলিভিছনত সম্প্ৰচাৰ কৰা হয়। সমগ্ৰ দেশতে সৰু সৰু সম্প্ৰদায়ৰ গোটত ইয়াৰ প্ৰচলন কৰা হয়। জাপানত মানুহ বেছি দিন জীয়াই থকাৰ ৰহস্য এইটোৱেই।