অচিৰেই লকডাউনৰ সম্ভাৱনা..

জাপানত ইতিমধ্যে ইনফ্লুৱেঞ্জা (Influenza) ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভয়ংকৰভাৱে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত জাপান চৰকাৰে দেশজুৰি মহামাৰী ঘোষণা কৰিছে।

author-image
ৰিম্পী গগৈ
New Update
new ap web 1

ডিজিটেল ডেস্কঃ আকৌ হ'ব পাৰে কভিড সদৃশ পৰিস্থিতিৰ। জাপানত ইতিমধ্যে ইনফ্লুৱেঞ্জা (Influenza) ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভয়ংকৰভাৱে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত জাপান চৰকাৰে দেশজুৰি মহামাৰী ঘোষণা কৰিছে। অচিৰেই জাপানত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

চিকিৎসা বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছ অভূতপূৰ্ব গতিত বিকশিত হৈছে আৰু দ্ৰুতগতিত বিয়পি পৰিছে। সমগ্ৰ জাপানৰ চিকিৎসালয়ৰ ৱাৰ্ডসমূহক আৱৰি ধৰাৰ ফলত দেশজুৰি বিদ্যালয়সমূহ বন্ধ কৰিবলগীয়া হৈছে।

উল্লেযোগ্য যে, জাপানত ফ্লুৰ বাবে প্ৰায় প্ৰতি বছৰে এনে পৰিস্থিতিৰ সৃষ্টি হয় যদিও এইবাৰ বিগত বৰ্ষৰ তুলনাত নিৰ্ধাৰিত সময়তকৈ যথেষ্ট সোনকালে আহিছে। হোকাইডো স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যাপক যোকো চুকামোটোৱে সদৰী কৰে যে, “এই বছৰ ফ্লুৰ বতৰ প্ৰায় ৫ সপ্তাহ আগতে আৰম্ভ হৈছে।”

৩ অক্টোবৰত জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে এসপ্তাহত ৪০৩০ জন লোকক ফ্লুৰ চিকিৎসা কৰাৰ পিছত ইনফ্লুৱেঞ্জা মহামাৰী ঘোষণা কৰিছিল। যিটো পূৰ্বৰ সপ্তাহৰ তুলনাত ৯৫৭ জন ৰোগীৰ বৃদ্ধি আছিল। বৰ্তমানেও এই ৰোগৰ সংক্ৰমণ বাঢ়ি আছে বুলি জানিব পৰা গৈছে। 

জাপানৰ প্ৰধানমন্ত্ৰী জাপান