‘আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক ভাৰত-পাকিস্তানে’

‘আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক ভাৰত-পাকিস্তানে’

author-image
asomiyapratidin
New Update
‘আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক ভাৰত-পাকিস্তানে’

ডিজিটেল ডেস্কঃ বুধবাৰে পাকিস্তান বায়ু সেনাৰ এফ-১৬ যুঁজাৰু বিমানখন ভাৰতৰ সীমাত প্ৰৱেশ কৰাৰ পাছত বিমানখনক বাধা দিবলৈ সক্ষম হৈছিল ভাৰতীয় বায়ু সেনা । কিন্তু এই সংঘৰ্ষত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ যুঁজাৰু বিমানখন ভূপতিত হয়। আৰু বিমানখনৰ বৈমানিকজন বৰ্তমান পাকিস্তানৰ জিম্মাত আছে।

এই ঘটনাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জাপানৰ বিদেশ মন্ত্ৰী টাৰো ক'নোই। বিদেশ মন্ত্ৰীগৰাকীয়ে কয়- 'ভাৰতীয় বায়ু সেনা আৰু পাক বায়ু সেনাৰ মাজত ২৬ ফেব্ৰুৱাৰীত সংঘটিত সংঘৰ্ষৰ পাছত পাকিস্তান আৰু ভাৰতে এই পৰিস্থিতিত ধৈৰ্য্যৰে নিয়ন্ত্ৰণ কৰিব লাগে। আলোচনাৰ মাধ্যমেৰে দুয়োখন দেশে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমি আহ্বান জনাইছো।'