প্ৰস্তুতি প্ৰায় সম্পূৰ্ণঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ ৩ টা দিন

জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনস্থলী এতিয়া বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৷

author-image
Asomiya Pratidin
New Update
VGSYAGS

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাত্ৰ ৩ টা দিন বাকী ৷ জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনস্থলী এতিয়া বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৷

অধিৱেশনস্থলী লৈ দৈনিক সমাগত ঘটিছে হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ৷ আধ্যাত্মিক ভক্তিৰসত গদ গদ প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ ৷ হৰিনামৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰ চৌহদ ৷ এই অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত শ শ ভক্তই শৰাই শলিতা আগবঢ়ায় আৰ্শীৱাদ গ্ৰহণ কৰা দেখা গৈছে ৷

ইয়াৰ মাজতে আকৌ জামুগুৰিহাটৰ গাঁৱে গাঁৱে মহিলা আইমাতৃ সকলকো ব্যস্ত হৈ পৰা দেখা গৈছে ভকতক আপ্যায়নৰ বাৱে পিঠা-লাৰু তৈয়াৰ কৰাত ৷ ঘৰে ঘৰে পিঠাগুৰি খুন্দি মহিলা সকলে গাঁৱৰ নামঘৰত এনেদৰে সমুহীয়াভাৱে টিল পিঠা,মিঠৈ,নাৰিকলৰ লাৰু আৰু বৰপিঠা তৈয়াৰ কৰাতো ব্যস্ত হৈ পৰা দেখা গৈছে ৷ অধিৱেশনস্থলীত সমবেত হব লগা দহহেজাৰো অধিক ভকতৰ আপ্যায়নৰ বাবে জামুগুৰিহাটৰ প্ৰতিখন প্ৰাথমিকৰ মহিলা সকলে এইদৰে পিঠা-পনা তৈয়াৰ কৰি থকা বুলি জানিবলৈ দিছে ৷

CaptureJOIUTGYTF

আনহাতে, উদুলি মুদুলি হৈ পৰিছে জামুগুৰিহাটৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজ আৰু আইমাতৃৰ উপস্থিতিত হৰিনামেৰে মুখৰিত হৈ পৰিছে অধিৱেশন স্থলীৰ অস্থায়ী নামঘৰ চৌহদ ৷ ইয়াৰ মাজতে আকৌ সংঘৰ সেৱা বাহিনীৰ সদস্য সকলেও অধিবেশন স্থলীৰ চৌপাশ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে।

জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৰাজ্যিক অধিৱেশনৰ প্ৰয়োজনীয় অস্থায়ী নামঘৰ, মূল মণ্ডপ আৰু অস্থায়ী ৰংগমঞ্চ, আশ্ৰয় শিবিৰ, প্ৰদৰ্শনী ষ্টল, কেন্দ্ৰীয় সেৱা বাহিনীৰ মূল শিবিৰ, বৃহৎ আকাৰৰ ভোজনালয়, আকৰ্শনীয় মূল তোৰণৰ লগতে ৪ খন সাধানৰ সৈতে মুঠ ৩০ খনকৈ সৰু বৰ তোৰণকে ধৰি সকলোবোৰ নিৰ্মাণকাৰ্য্য ইতিমধ্যে প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈছে ৷

CaptureVGY

ইফালে, কেৱল কিছু ৰঙৰ কামহে বাকী যদিও অহা ৫ ফেব্ৰুৱাৰীত সকলো কাম সম্পূৰ্ণ হোৱাতো নিশ্চিত কৰিছে আদৰণি সমিতিয়ে ৷ উত্তৰ পূৰ্ব্বাঞ্চলৰ একক একক বৃহৎ ধৰ্ম্মীয় সাংস্কৃতিক অনুষ্ঠান হিচাবে পৰিচিত  শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এইবাৰৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনখনিৰ শোভা বৰ্দ্ধন কৰিব জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ আৰ্হি প্ৰদৰ্শনে ৷

ইয়াৰ লগতে ঐতিহাসিক চতিয়া পুৰণি আৰক্ষী থানাৰ আৰ্হি, ভৰলীপৰীয়া কন্যকা বহুমূখী কৃষি পামৰ আৰ্হি আৰু মহাভাৰতৰ চক্ৰবেহুৰ আৰ্হি আদিকে ধৰি বিভিন্ন আৰ্হি প্ৰদৰ্শনৰ জৰিয়তে সকলো শ্ৰেনীৰ ভক্তপ্ৰাণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি অধিৱেশনখনিৰ আন এক শোভাবৰ্ধন কৰিব বুলিও জানিবলৈ দিয়ে প্ৰদৰ্শনী উপ সমিতিৰ বিষয়ববীয়া সকলে ৷ 

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এই ৰাজ্যিক অধিবেশন খনি এইবাৰ জামুগুৰিহাটত সৰ্ব্বাংগ সুন্দৰ ৰূপত অনুষ্ঠিত কৰাৰ স্বাৰ্থতে আদৰণি সমতিৰ কাৰ্য্যকৰী সভাপতি বিধায়ক পদ্ম হাজৰিকাই অন্যান্য বিষয়ববীয়াসহ জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াক লগতলৈ অধিবেশনৰ স্থলী সঘনাই পৰিদৰ্শন কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷

জামুগুৰিহাট